🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
৮ আঘোন, ৰবিবাৰ, ইং ২৪ নৱেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/৫৩/৪১
সূৰ্য্যাস্ত ঘ :- ৪/২৭/৩৮
ৰাশি : – সিংহ ৰাশি।
তিথি :- কৃষ্ণা নৱমী। ৰা:ঘ:- ১১/৫৮/৩ যোৱাত কৃষ্ণা দশমী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- পূৰ্ব্বফাল্গুনী । ৰা:ঘ:- ১২/৩৩/২৯ লৈ।
শুভ সংখ্যা :- ৭/১
শুভ ৰং :- ৰঙা/ হালধীয়া।
আদ্যঋতু :- কান্তা যোগ ।
মৰণৰ দোষ :- এপদ ।ৰা ঘ:- ১১/৫৮/৩ যোৱাত ত্ৰিপদ।
যাত্ৰা :- পূৱ দিশত নাই। ৰা:ঘ:- ১১/৫৬/৩ যোৱাত উত্তৰ দিশত নাই।
যোগিনী :- পূৱ দিশত। ৰা:ঘ:- ১১/৫৬/৩ যোৱাত উত্তৰ দিশত।
ভক্ষাভক্ষ্য :- লাও খোৱা নিষেধ। ৰা:ঘ:- ১১/৫৬/৩ যোৱাত কলমৌ শাক খোৱা নিষেধ।
My YouTube Link:- https://youtube.com/@astrologernayanjyotisarma8497
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত সাহসেৰে কৰ্মত আগুৱাই যাবলৈ সক্ষম হব, লগতে আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত দৃঢ়তাৰে কৰ্মত আগুৱাই যাবলৈ চেষ্টা কৰিব, যদিও আজি কৰ্মত সামান্য লগ বন্ধুৰ পৰা বাধা আহিব পাৰে লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব, দক্ষতাৰে কৰ্মবোৰ আগুৱাই যাবলৈ সক্ষম হব, লগতে আজি আপুনি সজাগ নহ’লে শত্ৰু বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে ৰাজনৈতিক ক্ষেত্ৰত দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত বা ঘৰৰ পৰিয়ালৰ পৰা সুখ শান্তি লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে ভ্ৰমণত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে চিকিৎসাৰ ক্ষেত্ৰত সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কনিষ্ঠ ব্যক্তি পৰা মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ প্ৰেমত আনন্দ বাঢ়িব, কৰ্ম আৰু ব্যৱসায়িক ভাৱে সফলতা লাভ হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ পাৰিবাৰিক সুখ শান্তি বাঢ়িব যদিও আজি ছাত্ৰ ছাত্ৰী সকলে সজাগ নহ’লে বিদ্যা আহৰণত সামান্য জটিলতা আহিব পাৰে, লগতে আজি আপুনি কৰ্মক্ষেত্ৰত সজাগ নহ’লে সামান্য মিচা অপৱাদ পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো টনকিয়াল হ’ব, নতুন নতুন কৰ্ম সন্ধান লাভ কৰিব, যদিও আজি আপুনি ঘৰুৱা কৰ্মত সজাগ নহ’লে সামান্য অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উৎসাহ বাঢ়িব, শিল্পী সকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য কষ্ট হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত আৰ্থিক দিশটো শুভ বুলি কব পাৰি, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত যশস্যা বাঢ়িব যদিও আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন ড°নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205