🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১৪ আঘোন, শনিবাৰ, ইং ৩০ নৱেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/৫৬/৩২
সূৰ্য্যাস্ত ঘ :- ৪/২৮/১৫
ৰাশি : – তুলা ৰাশি। প্ৰা:ঘ:- ৬/১৫/৫৭ যোৱাত বৃশ্চিক ৰাশি।
তিথি :- কৃষ্ণা চতুৰ্দ্দশী ।
প্ৰা:ঘ:- ৯/৫৫/৯ যোৱাত অমাৱস্যা তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- বিকাশা । দি:ঘ:- ১২/৪৯/৪ লৈ।
শুভ সংখ্যা :- ৪/৮
শুভ ৰং :- নীলা / বেঙুনীয়া।
আদ্যঋতু :- বেশ্যা যোগ ।
মৰণৰ দোষ :- পূৰ্ণ দোষ । প্ৰা:ঘ:- ৯/৫৫/৯ যোৱাত ত্ৰিপদ, দি:ঘ:- ১২/৪৯/৪ যোৱাত দ্বিপদ।
যাত্ৰা :- পশ্চিম দিশত নাই। প্ৰা:ঘ:- ৯/৫৫/৯ যোৱাত ঈশান কোনত নাই।
যোগিনী :- পশ্চিম দিশত। প্ৰা:ঘ:- ৯/৫৫/৯ যোৱাত ঈশান কোনত।
ভক্ষাভক্ষ্য :- মাছ মাংস খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সন্মান লাভ কৰিব হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত দ্ৰব্য লাভ কৰিব, বিবাহ প্ৰাৰ্থী সকলৰ ঘৰত বিবাহৰ আলোচনা হ’ব পাৰে, যদিও আজি আপুনি সজাগ নহ’লে মনটো সামান্য উদ্বিগ্ন হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত যান বাহনৰ পৰা সুখ লাভ কৰিব,আৰ্থিক দিশত উন্নতি হ’ব যদিও আজি আপুনি সজাগ নহ’লে মনটো সামান্য চঞ্চল হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব লগতে আজি খেলুৱৈ সকলৰ মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, প্ৰেমত শুভ বুলি কব পাৰি, লগতে আজি আপুনি উন্নয়নমূলক কৰ্মত আত্মনিয়োগ কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক উন্নতি হ’ব, কৰ্মত মান মৰ্য্যদা বাঢ়িব, লগতে আজি আপোনাৰ যান বাহনৰ সুখ লাভ হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভাল বন্ধুত্ব গঢ়ি তুলিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য বাধাৰ সৃষ্টি হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য আঘাত পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত যিসকল উকীল আছে তেওঁলোকৰ কৰ্মত শুভ বুলি কব পাৰি যদিও আজি আন আন ব্যক্তি সকলে সজাগ নহ’লে সামান্য ধন সম্পত্তি বা মান সন্মান হানি হ’ব পাৰে,মনৰ আনন্দ হ্ৰাস হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জয় লাভ কৰিব, ধন সম্পত্তি বাঢ়িব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভোজন বিলাস বাঢ়িব, লগতে আজি ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে ৰাজনৈতিক দিশত সফলতা লাভ হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত পদ্দোনতি হ’ব পাৰে , আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ’ব, যদিও আজি আপোনাৰ অপমানিত হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শিল্পী সকলৰ সুনাম বাঢ়িব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!