🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১৬ আঘোন, সোমবাৰ, ইং ২ ডিচেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/৫৭/৪৮
সূৰ্য্যাস্ত ঘ :- ৪/২৮/২৬
ৰাশি : – বৃশ্চিক ৰাশি। আ:ঘ:- ৪/১/১৩ যোৱাত ধনু ৰাশি।
তিথি :- শুক্লা প্ৰতিপদ।
দি:ঘ:- ১২/১২/৩৮ যোৱাত শুক্লা দ্বিতীয়া তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- জেষ্ঠ্যা ।আ:ঘ:- ৪/১/১৩ লৈ।
শুভ সংখ্যা :- ৪/২
শুভ ৰং :- বগা / গোলপীয়া।
আদ্যঋতু :- পতিহীনা যোগ ।
মৰণৰ দোষ :- নাই । দি:ঘ:- ১২/১২/৩৮ যোৱাত এপদ।
যাত্ৰা :- পূৱ দিশত নাই। দি:ঘ:- ১২/১২/৩৮ যোৱাত উত্তৰ দিশত নাই।
যোগিনী :- পূৱ দিশত । দি:ঘ:- ১২/১২/৩৮ যোৱাত উত্তৰ দিশত।
ভক্ষাভক্ষ্য :- কোমোৰা খোৱা নিষেধ। দি:ঘ:- ১২/১২/৩৮ যোৱাত তিতা খোৱা নিষেধ।

My YouTube Link:- https://youtube.com/@astrologernayanjyotisarma8497

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে জয় লাভ কৰিব,মনত সুখ শান্তি বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে মনটো সামান্য চঞ্চল হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ৰোগ আৰোগ্য হ’ব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, লগতে আজি আপুনি সম্পত্তি লাভ হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো টনকিয়াল হ’ব, হাতলৈ ধন- ধান আহিব, ভ্ৰমণত সুখ শান্তি বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সামান্য কথাতে মনত সামান্য ভয় ভাৱ বৃদ্ধি হ’ব পাৰে।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত যিসকল ছাত্ৰ ছাত্ৰী সকলে তেওঁলোকৰ মনত আনন্দ বাঢ়িব যদিও আজি আন আন ব্যক্তি সকলে সজাগ নহ’লে কৰ্মত সামান্য জটিলতা সৃষ্টি হ’ব পাৰে লগতে আজি আপোনাৰ বিপদ হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে পিতৃ মাতৃৰ স্বাস্থ্যৰ বাবে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত স্বাস্থ্যৰ দিশটো মধ্যমীয়া হ’ব, সামান্য ভুল বুজাবুজিৰ হ’ব পাৰে লগতে আজি আপোনাৰ মনত কষ্ট পাৱলগীয়া হোৱাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য ভয় ভাৱ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে ৰাজনৈতিক সা-সুবিধা লাভ কৰিব, কৰ্মত সামান্য বাধাৰ সৃষ্টি হ’ব পাৰে, লগতে আজি আপোনাৰ দেহ মনৰ পৰা এলাহ ভাৱ পৰিত্যাগ কৰিবলৈ চেষ্টা কৰিব নহ’লে সামান্য ক্ষতি হব পাৰে।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সাহিত্যিক সকলে সাহিত্য সেৱাত মনোনিবেশ কৰিবলৈ সক্ষম হব, সন্মান বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সামান্য আৰ্থিক দিশত কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, ছাত্ৰ ছাত্ৰী সকলৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হব লগতে আজি আপোনাৰ হঠাতে প্ৰাপ্তিৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত মনত সুখ- শান্তি বাঢ়িব, কৰ্মত কৃতকাৰ্যতা লাভ কৰিব যদিও আজি আপুনি প্ৰেমত ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ’ব।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, উকীল সকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ পবৃদ্ধি হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!