🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১৬ ভাদ,সোমবাৰ, ইং ২ চেপ্তেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/৬/১১
সূৰ্য্যাস্ত ঘ :- ৫/৩৯/৪২
ৰাশি :- সিংহ ৰাশি।
তিথি :- অমাৱস্যা । আহোৰাত্ৰ ।
নক্ষত্ৰ :- মঘা ,ৰা:ঘ:- ১২/৩৮/২২ লৈ।
শুভ সংখ্যা :- ১/২
শুভ ৰং :- গোৱপীয়া / বগা।
আদ্যঋতু :- কান্তা যোগ।
মৰণৰ দোষ :- নাই।
যাত্ৰা :- ঈশান কোনত নাই।
যোগিনী :- ঈশান কোন।
ভক্ষাভক্ষ্য :- মাছ মাংস খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব, কৰ্মস্থানত সামান্য পৰিবৰ্তন আহিব পাৰে, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, দেহ মন সামান্য এলাহ ভাৱ বাঢ়িব পাৰে, লগতে আজি আপুনি সজাগ নহ’লে সামান্য ধন হানি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেতত প্ৰভাৱ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে পিতৃ মাতৃৰ শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে, লগতে আজি আপোনাৰ সৰু-সুৰা কথাতে মনত সামান্য খংঙ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ’ব, উৎসৱ পাৰ্বনত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ ঘৰত আত্মীয় পৰিয়ালৰ আগমন হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব, আনন্দ মনে দিনটো পাৰ হ’ব, প্ৰেমৰ প্ৰতি আগ্ৰহ বাঢ়িব, যদিও আজি আপুনি যান বাহনৰ পৰা সাধনাৰ হোৱাটো ভাল হ’ব।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মাতৃৰ বা জেষ্ঠ্য ব্যক্তিৰ পৰা মৰম- চেনেহ লাভ কৰিব, সম্পত্তি বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সৰু- সুৰা কথাতে আপোনাৰ মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, বৈবাহিক জীৱনত সুখ শান্তি বাঢ়িব লগতে আজি আপোনাৰ প্ৰাপ্তিৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ৰোগ আৰোগ্য হ’ব, আয় উপাৰ্জন বাঢ়িব, লগতে আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আনক দান দক্ষিণা কৰিবলৈ সক্ষম হব, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, লগতে আজি আপোনাৰ ভ্ৰমণত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আনৰ পৰা মৰম চেনেহ লাভ কৰিব, ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে ৰাজনৈতিক সা-সুবিধা লাভ কৰিব, লগতে আজি আপোনাৰ লগ বন্ধুৰ পৰা সন্মান লাভ হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত ব্যৱসায় বানিজ্যত লাভাৱান্বিত হ’ব পাৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপুনি হিনমান্যতাত ভুগিব লগিয়া কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি লাভ কৰিব পাৰিব, ছাত্ৰ ছাত্ৰী সকলৰ লিখা পঢ়াত ব্যস্ততা বাঢ়িব, লগতে আজি আপুনি ৰাজনৈতিক সা-সুবিধা লাভ হোৱাৰ যোগ দেখা যায়।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205