🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
২৮ আঘোন, শনিবাৰ, ইং ১৪ ডিচেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৬/৫/৪৯
সূৰ্য্যাস্ত ঘ :- ৪/৩০/২
ৰাশি : – বৃষ ৰাশি।
তিথি :- শুক্লা চতুৰ্দ্দশী তিথি।স:ঘ:- ৪/১৫/২৫ যোৱাত পূৰ্ণিমা তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- ৰোহিনী । শে:ৰা:ঘ:- ৪/৯/৫৯ লৈ।
শুভ সংখ্যা :- ৭/৮
শুভ ৰং :- নীলা / বেঙুনীয়া।
আদ্যঋতু :- পতিহিতা যোগ ।
মৰণৰ দোষ :- এপদ।
যাত্ৰা :- পশ্চিম দিশত নাই। স:ঘ:- ৪/১৫/২৫ যোৱাত বায়ু কোনত নাই।
যোগিনী :- পশ্চিম দিশত। স:ঘ:- ৪/১৫/২৫ যোৱাত বায়ু কোনত।
ভক্ষাভক্ষ্য :- মাছ মাংস, তেল খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম স্থানত সামান্য পৰিবৰ্তন আহিব পাৰে, লগতে আজি আপুনি সজাগ নহ’লে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় মনোভাৱ বাঢ়িব, আনন্দ মনে দিনটো পাৰ হ’ব, যদিও আজি আপুনি সাৱধান নহ’লে সামান্য দ্ৰব্য হানি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সাহিত্যক সকলৰ সাহিত্য চৰ্চাত মনোনিবেশ বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য ক্লান্টিৰ ভাৱ বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সৌভাগ্যৰ উদয় হ’ব , নতুন নতুন ব্যৱসায় বানিজ্য আৰম্ভণি কৰিবলৈ সুযোগ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শৰীৰত ৰোগ আৰোগ্য হ’ব, স্বাস্থৰ উন্নতি হ’ব,কৰ্মত ভাল পৰিবেশন লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত আত্মীয় পৰিয়ালৰ পৰা সামান্য বিৰোধিতাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শুভ কৰ্মলৈ মনোনিবেশ বাঢ়িব, কৰ্মত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হব লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব, ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, লগতে আজি আপোনাৰ শুভ কৰ্মলৈ মনোনিবেশ হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব, প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপোনাৰ সন্মান হানি হ’ব পাৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ’ব যদিও আজি আপুনি সজাগ নহ’লে সামান্য অৰ্থক চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, লগতে আজি আপোনাৰ হঠাতে হাতলৈ ধন- সম্পত্তি আৰু সন্মান লাভ হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত মনৰ আশা ভংগ হ’ব পাৰে,ভ্ৰমণত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে যদিও আজি ছাত্ৰ ছাত্ৰী সকলৰ শুভ হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জটিলতা সৃষ্টি হ’ব পাৰে, কৰ্মত সামান্য বাধাৰ সৃষ্টি হ’ব পাৰে লগতে আজি খেতিয়ক সকলে সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!