🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১পুহ , মঙ্গলবাৰ, ইং ১৭ ডিচেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৬/৭/৪৩
সূৰ্য্যাস্ত ঘ :- ৪/৩০/১৫
ৰাশি : – মকৰ ৰাশি। ৰা:ঘ:- ৭/১০/৫ যোৱাত কুম্ভ ৰাশি।
তিথি :- কৃষ্ণা দ্বিতীয়া তিথি।দি:ঘ:- ১২/২৭/২৭ যোৱাত কৃষ্ণা তৃতীয়া তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- পুনৰ্ব্বসু নক্ষত্ৰ । ৰা:ঘ:- ১২/২৭/২৭ লৈ।
শুভ সংখ্যা :- ১/৯
শুভ ৰং :- ৰঙা/ সোনালী ।
আদ্যঋতু :- কান্তা যোগ ।
মৰণৰ দোষ :- পূৰ্ণদোষ ,দি: ঘ:- ১২/২৭/২৭ যোৱাত ত্ৰিপদ। ৰা:ঘ:- ২/৫৮/২৩ যোৱাত এপদ।
যাত্ৰা :- উত্তৰ দিশত নাই। দি:ঘ:- ১২/২৭/২৭ যোৱাত অগ্নি কোনত নাই।
যোগিনী :- উত্তৰ দিশত। দি:ঘ:- ১২/২৭/২৭ যোৱাত অগ্নি কোনত।
ভক্ষাভক্ষ্য :- তিতা খোৱা নিষেধ। ঘ:- ১২/২৭/২৭ পটল খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জয় লাভ কৰিব, শিক্ষক সকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব, ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, যদিও আজি বিবাহিত ব্যক্তি সকলৰ সামান্য সাংসাৰিক দিশত চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ’ব, লগতে আজি আপোনাৰ সাহসেৰে কৰ্মত আগুৱাই যাবলৈ সক্ষম হব হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব , ঘৰলৈ লগ বন্ধুৰ আগমন হ’ব পাৰে, লগতে আজি বিবাহ প্ৰাৰ্থী সকলৰ ঘৰত বিবাহৰ আলোচনা হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত ভাল পৰিবেশন লাভ কৰিব, মনৰ উৎসাহ বাঢ়িব, লগতে আজি আপোনাৰ প্ৰেম আৰু কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত দেহ মনত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে, ব্যয় বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, কৰ্মত ন্যায় লাভ কৰিব, লগতে আজি আপোনাৰ আয় উপাৰ্জন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি সাধন হব, ধন ধান হাতলৈ আহিব, আজি শিল্পী সকলৰ নৃত্য গীতত ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জটিলতা আহিব পাৰে, ভ্ৰমণ সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে, লগতে আজি আপুনি সজাগ নহ’লে মনত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত বিভ্ৰান্তীৰ সৃষ্টি হ’ব পাৰে, কৰ্মত জতিলতা আহিব পাৰে, যদিও আজি আপুনি শুভ সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত উপাৰ্জন বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সামান্য ধনৰ নাটনি হ’ব পাৰে, লগতে আজি আপোনাৰ মনত সামান্য বেয়া চিন্তাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ’ব, যদিও আজি আপোনাৰ মনত বেয়া চিন্তা আহিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!