🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
৪ পুহ , শুক্ৰবাৰ, ইং ২০ ডিচেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৬/৯/৬
সূৰ্য্যাস্ত ঘ :- ৪/৩০/২
ৰাশি : – সিংহ ৰাশি।
তিথি :- কৃষ্ণা পঞ্চমী তিথি।দি:ঘ:- ১২/৪৯/৯ যোৱাত কৃষ্ণা ষষ্ঠী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- মঘা নক্ষত্ৰ । শে:ৰা:ঘ:- ৬/০/০ লৈ।
শুভ সংখ্যা :- ৪/৬
শুভ ৰং : – চিত্ৰ বিচিত্ৰ/ বগা ।
আদ্যঋতু :- কান্তা যোগ ।
মৰণৰ দোষ :- নাই।
যাত্ৰা :- দক্ষিণ দিশত নাই। দি:ঘ:- ১২/৪৯/৯ যোৱাত পশ্চিম দিশত নাই।
যোগিনী :- দক্ষিণ দিশত। দি:ঘ:- ১২/৪৯/৯ যোৱাত পশ্চিম দিশত।
ভক্ষাভক্ষ্য :- বেল খোৱা নিষেধ। ৰা:ঘ:- ১২/৪৯/৯ নিমতিতা খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ’ব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব যদিও আজি আপুনি মনোমালিন্য হ’ব পৰা কৰ্মৰ পৰা আতৰি নাথাকে আপোনাৰ ক্ষতি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সকলো কৰ্মতে সিদ্ধি লাভ কৰিব,উকীল আৰু পুলিচ প্ৰশাসনৰ লগত জড়িত ব্যক্তি সকলৰ সুনাম বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য ভয় ভাৱ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ বুলি কব পাৰি, চেষ্টা কৰিলে কৰ্ম সফলতা লাভ কৰিব পাৰিব, প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে ভ্ৰমণ সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।ব

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত নতুন কৰ্মৰ সন্ধান লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে আয় উপাৰ্জন সামান্য হ্ৰাস হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভাল খাদ্য গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সামান্য দ্ৰব্য হানি হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে আপোনাৰ ক্ষতি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব , কৰ্মস্থানত সামান্য পৰিবৰ্তন আহিব পাৰে, যদিও আজি আপুনি হিনমান্যতাত ভুগিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য বাধাৰ সৃষ্টি হ’ব পাৰে যদিও আজি আপোনাৰ প্ৰেমত আনন্দ বাঢ়িব লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ জ্ঞান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব,মনত ভক্তি ভাৱ বাঢ়িব যদিও আজি বিবাহিত ব্যক্তি সকলৰ সংসাৰ প্ৰতি সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, ছাত্ৰ ছাত্ৰী সকলৰ মনত আনন্দ বাঢ়িব, যদিও আজি চাকৰিয়াল ব্যক্তি সকলে সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদ ভাৱ বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মৰ প্ৰতি এলাহ ভাৱ বাঢ়িব পাৰে লগতে আজি আপুনি দেহ মনত কষ্ট পাৱলগীয়া হোৱাৰ কৰ্মৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত উন্নতি সাধন হব, লগতে আজি আপোনাৰ কৰ্মত যশস্যা বাঢ়িব, যদিও আজি আপোনাৰ মনত কষ্ট পাৱলগীয়া হোৱাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, পিতৃ মাতৃ বা জেষ্ঠ্য ব্যক্তিৰ পৰা মৰম- চেনেহ লাভ কৰিব, লগতে আজি আপোনাৰ পুৰনি সমস্যাৰ সমাধান হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!