🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১৭ ভাদ, মঙ্গলবাৰ, ইং ৩ চেপ্তেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/৬/৩৮
সূৰ্য্যাস্ত ঘ :- ৫/৩৮/৩৮
ৰাশি : – সিংহ ৰাশি।
তিথি :- অমাৱস্যা । প্ৰা:ঘ:- ৬/২৪/২২ যোৱাত শুক্লা প্ৰতিপদ তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- পূৰ্ব্বফাল্গুনী ,ৰা:ঘ:- ২/৫৫/২২ লৈ।
শুভ সংখ্যা :- ২/৯
শুভ ৰং :- ৰঙা / সোনালী ।
আদ্যঋতু :- কান্তা যোগ।
মৰণৰ দোষ :- এপদ। শে:ৰা:ঘ:- ২/৫৫/২২ যোৱাত ত্ৰিপদ।
যাত্ৰা :- ঈশান কোনত নাই। প্ৰা:ঘ:- ৬/২৪/২২ যোৱাত পূৱ দিশত নাই।
যোগিনী :- ঈশান কোনত। প্ৰা:ঘ:- ৬/২৪/২২ যোৱাত পূৱ দিশত ।
ভক্ষাভক্ষ্য :- মাছ মাংস খোৱা নিষেধ। প্ৰা:ঘ:- ৬/২৪/২২ যোৱাত কোমোৰা খোৱা নিষেধ।

My YouTube Link:- https://youtube.com/@astrologernayanjyotisarma8497

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত সকলো কৰ্মতে সিদ্ধি লাভ কৰিব, ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মৰ দ্বাৰা আত্মীয় পৰিয়ালৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, উকীল আৰু পুলিচ প্ৰশাসনৰ লগত জড়িত ব্যক্তি সকলৰ কৰ্মত সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সৰু- সুৰা কথাতে মনত সামান্য ভয় ভাৱ বৃদ্ধি কৰিব পাৰে।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনটো সামান্য চঞ্চল হ’ব পাৰে, লগতে আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপোনাৰ মনত সামান্য ভয় ভাৱ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত হঠাতে আপোনাৰ হাতলৈ ধন- ধান আহিব, নতুন প্ৰেমত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব, লগতে আজি আপোনাৰ মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা উন্নয়নমূলক কৰ্মত সফলতা লাভ কৰিব, বেচা কিনাত সফলতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত সফলতা লাভ কৰিব, শিল্পী সকলৰ মনত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হ’ব পাৰে লগতে আজি আপুনি যিকোনো কৰ্মৰ শুভ আৰম্ভণি কৰোতে সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ’ব, শিক্ষক সকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, অভিনয় শিল্পীসকলৰ সুনাম বাঢ়িব, লগতে আজি আপুনি ক’ৰবাত পাবলগীয়া ধন ঘূৰাই পোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব,সাহিত্যক সকলৰ সাহিত্য সেৱাত মনোনিবেশ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য সামান্য খৰচ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ- শান্তি বাঢ়িব, দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, লগতে আজি আপুনি সকলো কৰ্মতে সিদ্ধি লাভ হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!