🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
৫ পুহ , শনিবাৰ, ইং ২১ ডিচেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৬/৯/২৪
সূৰ্য্যাস্ত ঘ :- ৪/২৯/৪৬
ৰাশি : – সিংহ ৰাশি।
তিথি :- কৃষ্ণা ষষ্ঠী তিথি।দি:ঘ:- ১/৫৭/৩৯ যোৱাত কৃষ্ণা সপ্তমী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- পূৰ্ব্বফাল্গুনী নক্ষত্ৰ । অহোৰাত্ৰ।
শুভ সংখ্যা :- ৫/৮
শুভ ৰং : – নীলা / বেঙুনীয়া।
আদ্যঋতু :- কান্তা যোগ ।
মৰণৰ দোষ :- এপদ, দি:ঘ:- ১/৫৭/৩৯ যোৱাত দ্বিপদ।
যাত্ৰা :- পশ্চিম দিশত নাই। দি:ঘ:- ১/৫৭/৩৯ যোৱাত বাযু কোনত নাই।
যোগিনী :- পশ্চিম দিশত। দি:ঘ:- ১/৫৭/৩৯ যোৱাত বাযু কোনত।
ভক্ষাভক্ষ্য :- তিতা খোৱা নিষেধ। ৰা:ঘ:- ১/৫৭/৩৯ তাল খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, আয় উপাৰ্জন বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য দেহ মনত কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত উত্তম লাভ কৰিব, হঠাতে হাতলৈ ধন- ধান লাভ হ’ব পাৰে, যদিও আজি আপুনি কৰ্মত অধিক সজাগ নহ’লে সামান্য ভাগ্য নাশ হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সকলো দিশতে সিদ্ধি লাভ কৰিব, মনৰ আশা পূৰণ হ’ব, যদিও আজি আপুনি কৰ্মত সজাগ নহ’লে সামান্য ক্লান্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম কৌশল আয়ত্ব কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ’লে লগ বন্ধুৱে মনত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে লগতে আজি আপোনাৰ মনটো সামান্য উদ্বিগ্ন হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত দেহ মনত কষ্ট পাৱলগীয়া হ’ব পাৰে, লগতে আজি আপুনি সজাগ নহ’লে সামান্য মিচা অপৱাদ পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ধন সম্পত্তি আৰু সন্মান লাভ কৰিব, প্ৰকৃতিৰ প্ৰতি মৰম- চেনেহ বাঢ়িব, লগতে আজি আপোনাৰ দ্বাৰা কনিষ্ঠ ব্যক্তি সকলৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, ভ্ৰমণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ধনৰ নাটনি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভাল খৱৰ লাভ কৰিব, ভোজন বিলাস বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সৰু- সুৰা কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত সামান্য বাধা আহিব পাৰে, সাজাগ নহ’লে সামান্য চকুৰ অসুখ হ’ব পাৰে , যদিও আজি ছাত্ৰ ছাত্ৰী সকলৰ জ্ঞান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ ঘৰত উন্নয়নমূলক কৰ্ম কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপোনাৰ মনত অশান্তিৰ সৃষ্টি হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে দেহ মন সামান্য এলাহ ভাৱ বাঢ়িব পাৰে, লগতে আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনৰ চিন্তা ধাৰা উন্নত মানৰ হ’ব, আৰ্থিক দিশটো টনকিয়াল হ’ব, সন্মান লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205