🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
৯ মাঘ , বৃহস্পতিবাৰ, ইং ২৩ জানুৱাৰী ২০২৫
সূৰ্য্যোদয় ঘ :- ৬/১৫/৩০
সূৰ্য্যাস্ত ঘ :- ৪/৫৩/০০
ৰাশি : – তুলা ৰাশি। ৰা:ঘ:- ৮/৫৯/২ যোৱাত বৃশ্চিক ৰাশি।
তিথি :- কৃষ্ণা নৱমী তিথি। ঘ:- ৩/৩৩/১৫ যোৱাত কৃষ্ণা দশমী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- বিশাখা নক্ষত্ৰ । ৰা:ঘ:- ৩/৩৪/২৭ লৈ।
শুভ সংখ্যা :- ৫/১
শুভ ৰং : – বগা / সেউজীয়া ।
আদ্যঋতু :- বেশ্যা যোগ ।
মৰণৰ দোষ :- দ্বিপদ । ৰা: ঘ:- ৩/৩৪/২৭ যোৱাত নাই।
যাত্ৰা :- পূৱ দিশত নাই।ঘ:- ৩/৩৩/১৫ যোৱাত উত্তৰ দিশত নাই।
যোগিনী :- পূৱ দিশত ।ঘ:- ৩/৩৩/১৫ যোৱাত উত্তৰ দিশত।
ভক্ষাভক্ষ্য :- লাও খোৱা নিষেধ। ঘ:- ৩/৩৩/১৫ যোৱাত কলমৌ খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত লগ বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব, ধন ঐশ্বৰ্য্য লাভ কৰিব, যদিও আজি আপুনি শৰীৰৰ প্ৰতি যত্ন লোৱাটো ভাল হ’ব।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধৰ্মীয় কৰ্ম সামান্য বাধা আহিব পাৰে,মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপুনি ঠগ- প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনৰ চিন্তা ধাৰা উন্নত মানৰ হ’ব, পুৰণি ধন সম্পত্তি বাঢ়িব, লগতে আনন্দ মনে আজিৰ দিনটোত পাৰ হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত পদোন্নতি লাভ কৰিব পাৰে, হাতলৈ ধন সম্পত্তি আহিব পাৰে, যদিও আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত যিসকল সংগীত শিল্পী আছে তেওঁলোকৰ আজি কৰ্মত সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, উত্তম ভোজন লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত অধিক দ্বায়িত্ব ভাৰ কৰিব, লগতে আজি আপোনাৰ পুৰণি সমস্যাৰ সমাধান হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, লগতে আজি আপোনাৰ পিতৃ মাতৃ বা জেষ্ঠ্য ব্যক্তিৰ পৰা মৰম- চেনেহ লাভ হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত সুখ শান্তি বাঢ়িব,বিবাহিত ব্যক্তি সকলে সন্তানৰ পৰা আনন্দ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সামান্য ধনৰ নাটনি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত চোৰৰ পৰা সাৱধান হোৱাটো ভাল হ’ব কৰ্মত সামান্য জটিলতা আহিব পাৰে যদিও আজি আপোনাৰ বেচা কিনাত ক্ষেত্ৰত শুভ হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত মনত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ প্ৰেমত সফলতা লাভ হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত হঠাতে হাতলৈ ধন- সম্পত্তি আহিব, বিবাহিত ব্যক্তি সকলৰ সন্তানে মনত আনন্দ দিব, লগতে আজি আপোনাৰ নতুন নতুন কৰ্ম প্ৰাপ্তিৰ যোগ দেখা যায়।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205