🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১০ মাঘ , শুক্ৰ বাৰ, ইং ২৪ জানুৱাৰী ২০২৫
সূৰ্য্যোদয় ঘ :- ৬/১৫/১৫
সূৰ্য্যাস্ত ঘ :- ৪/৫৪/১
ৰাশি : – বৃশ্চিক ৰাশি।
তিথি :- কৃষ্ণা দশমী তিথি। স:ঘ:- ৫/১৫/৫৩ যোৱাত কৃষ্ণা একাদশী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- অনুৰাধা নক্ষত্ৰ । শে:ৰা:ঘ:- ৫/৩৫/২৬ লৈ।
শুভ সংখ্যা :- ৭/৬
শুভ ৰং : – চিত্ৰ বিচিত্ৰ / বগা ।
আদ্যঋতু :- পতিহীনা যোগ ।
মৰণৰ দোষ :- নাই ।
যাত্ৰা :- উত্তৰ দিশত নাই।ঘ:- ৫/১৫/৫৩ যোৱাত অগ্নি কোনো নাই।
যোগিনী :- উত্তৰ দিশত ।ঘ:- ৫/১৫/৫৩ যোৱাত অগ্নি কোনো।
ভক্ষাভক্ষ্য :- কলমৌ শাক খোৱা নিষেধ। ঘ:- ৫/১৫/৫৩ যোৱাত উৰহী খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত শুভ কৰ্মলৈ মনোনিবেশ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপোনাৰ দেহ মনত সামান্য আঘাত পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত নতুন চিন্তাৰ উদয় হ’ব, ছোৱালী সকলৰ মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সঞ্চয় হানি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত শুভ বুলি কব পাৰি, সাহসেৰে কৰ্মত আগুৱাই যাবলৈ সক্ষম হব, লগতে আজি আপোনাৰ কৰ্মত উন্নতি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, ভ্ৰমণত সামান্য বাধাৰ আহিব পাৰে লগতে আজি আপুনি সজাগ নহ’লে খেতিক সকলে সজাগ নহ’লে সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ক’ৰবাত পাবলগীয়া ধন সম্পত্তি পাৱ পাৰে , কৰ্মত নতুন নতুন আঁচনি গ্ৰহণ কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত আঘাত পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, ঘৰুৱা কৰ্মত সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ মনৰ আশা পূৰণ হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জয় লাভ কৰিব, ভ্ৰমণৰ সুযোগ লাভ কৰিব যদিও আজি আপুনি ঠগ- প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সৃষ্টিশীল কৰ্মত মনোনিবেশ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পিতৃ মাতৃ বা জেষ্ঠ্য ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব, লগতে আজি আপোনা মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ’ব, সমাজ কৰ্মী সকলে সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে আত্মীয় পৰিয়ালৰ লগত সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত লগ বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব, বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব, লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, ব্যৱসায়িক বানিজ্যত সফলতা লাভ কৰিব লগতে আজি আপোনাৰ আয় উপাৰ্জন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!