🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
৩০ মাঘ , বৃহস্পতি বাৰ, ইং ১৩ ফেব্ৰুৱাৰী ২০২৫
সূৰ্য্যোদয় ঘ :- ৬/৬/৩৩
সূৰ্য্যাস্ত ঘ :- ৫/১০/৪৫
ৰাশি : – সিংহ ৰাশি।
তিথি :- কৃষ্ণা প্ৰতিপদ তিথি। ৰা:ঘ:- ৭/৫০/৫১ যোৱাত কৃষ্ণা দ্বিতীয়া তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- মঘা নক্ষত্ৰ । ৰা:ঘ:- ৮/৫২/১০ লৈ।
শুভ সংখ্যা :- ৬/৩
শুভ ৰং : – হালধীয়া / ৰঙা ।
আদ্যঋতু :- কান্তা যোগ ।
মৰণৰ দোষ :- নাই । ৰা:ঘ:- ৭/৫০/৫১ যোৱাত এপদ।
যাত্ৰা :- পূৱ দিশত নাই।ৰা:ঘ:- ৭/৫০/৫১ যোৱাত উত্তৰ দিশত নাই।
যোগিনী :- পূৱ দিশত ।ৰা:ঘ:- ৭/৫০/৫১ যোৱাত উত্তৰ দিশত।
ভক্ষাভক্ষ্য :- কোমোৰা খোৱা নিষেধ। ৰা:ঘ:- ৭/৫০/৫১ যোৱাত তিতা খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব, লগতে আজি আপুনি ভাল বন্ধুৰ সান্নিধ্য লাভ হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ’ব, ধন সম্পত্তি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উৎসাহ বাঢ়িব পাৰে, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আপোন ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, মনত সুখ শান্তি বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, উত্তম ভোজন লাভ কৰিব, যদিও আজি আপুনি দুৰ্ঘটনা সন্মুখীন হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, ছাত্ৰ ছাত্ৰী সকলৰ শুভ বুলি কব পাৰি, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব, শুভ খৱৰ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে মনটো সামান্য উদ্বিগ্ন হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত যিসকল সংগীত শিল্পী আছে তেওঁলোকৰ সংগীত ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে ভুল বুজাবুজিৰ হ’ব পাৰে লগতে আজি অপমানিত হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো টনকিয়াল হ’ব, ঘৰুৱা ধন সম্পত্তি বাঢ়িব, লগতে আজি আপোনাৰ আনন্দ মনে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে পাৰিবাৰিক সুখ শান্তি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সজাগ নহ’লে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত সামান্য চিন্তা বাঢ়িব পাৰে, আপুনি হীনমান্যতাত ভুগিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব, যদিও আজি সমাজ কৰ্মী সকলৰ‌ ৰাজহুৱা কৰ্মত ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!