🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১ ফাগুন , শুক্ৰ বাৰ, ইং ১৪ ফেব্ৰুৱাৰী ২০২৫
সূৰ্য্যোদয় ঘ :- ৬/৫/৫৯
সূৰ্য্যাস্ত ঘ :- ৫/১১/২৭
ৰাশি : – সিংহ ৰাশি। শে:ৰা:ঘ:- ৫/৮/৫২ যোৱাত কন্যা ৰাশি।
তিথি :- কৃষ্ণা দ্বিতীয়া তিথি। ৰা:ঘ:- ৯/১১/৫ যোৱাত কৃষ্ণা তৃতীয়া তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- পূৰ্ব্বফাল্গুনী । ৰা:ঘ:- ১০/৩৬/৩৭ লৈ।
শুভ সংখ্যা :- ৭/৬
শুভ ৰং : – চিত্ৰ বিচিত্ৰ/ বগা ।
আদ্যঋতু :- কান্তা যোগ ।
মৰণৰ দোষ :- এপদ । ৰা:ঘ:- ৯/১১/৫ যোৱাত নাই । ৰা:ঘ:- ১০/৩৬/৩৭ যোৱাত দ্বিপদ।
যাত্ৰা :- উত্তৰ দিশত নাই।ৰা:ঘ:- ৯/১১/৫ যোৱাত অগ্নি কোনত নাই।
যোগিনী :- উত্তৰ দিশত।ৰা:ঘ:- ৯/১১/৫ যোৱাত অগ্নি কোনত।
ভক্ষাভক্ষ্য :- তিতা খোৱা নিষেধ। ৰা:ঘ:- ৯/১১/৫ যোৱাত পটল খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, কৰ্মত অধিক সচেতন হ’ব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য আঘাত পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন সম্পত্তি বাঢ়িব, নতুন কৰ্মৰ সন্ধান লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত অত্যাধিক পৰিশ্ৰম বাঢ়িব পাৰে, লগতে আজি আপুনি সজাগ নহ’লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো উন্নতি হ’ব, কৰ্মত সন্মান বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত নতুন নতুন ব্যৱসায় বানিজ্যৰ আৰম্ভণি কৰিবলৈ সক্ষম হব, লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, কৰ্মত জয় লাভ কৰিব, যদিও আজি আপোনাৰ দেহ মনত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত ভাল পৰিবেশ লাভ কৰিব, কৰ্মত ভাল পৰিবেশন লাভ কৰিব, লগতে আজি আপোনাৰ সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, ছোৱালী সকলৰ মনত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আনৰ পৰা মৰম- চেনেহ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনটো সামান্য উদ্বিগ্ন হ’ব পাৰে লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত হাহি ধেমালিৰ মাজেৰে দিনটো পাৰ হ’ব, কৰ্মত যশস্যা বাঢ়িব যদিও আজি আপুনি মিচা অপৱাদ পাৱলগীয়া হোৱাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ হঠাতে হাতলৈ ধন- ধান অহাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত নতুন প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য ক্লান্তি ভাৱ বাঢ়িব পাৰে, লগতে মনত হতাশাৰ সৃষ্টি হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সাহসেৰে কৰ্মত আগুৱাই যাবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ’লে মনটো সামান্য উদ্বিগ্ন হ’ব পাৰে লগতে আজি আপুনি হীনমান্যতাত ভুগিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!