🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
৩ ফাগুন , ৰবিবাৰ, ইং ১৬ ফেব্ৰুৱাৰী ২০২৫
সূৰ্য্যোদয় ঘ :- ৬/৪/৫১
সূৰ্য্যাস্ত ঘ :- ৫/১২/৩৩
ৰাশি : – কন্যা ৰাশি।
তিথি :- কৃষ্ণা চতুৰ্থী তিথি। ৰা:ঘ:- ১২/৩৬/২১ যোৱাত কৃষ্ণা পঞ্চমী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- হস্তা । ৰা:ঘ:- ৩/১৫/১৬ লৈ।
শুভ সংখ্যা :- ৯/১
শুভ ৰং : – ৰঙা / হালধীয়া ।
আদ্যঋতু :- বেশ্যা যোগ ।
মৰণৰ দোষ :- এপদ ।
যাত্ৰা :- নৈঋত কোনত নাই।ৰা:ঘ:- ১২/৩৬/২১ যোৱাত দক্ষিণ দিশত নাই।
যোগিনী :- নৈঋত কোনত।ৰা:ঘ:- ১২/৩৬/২১ যোৱাত দক্ষিণ দিশত।
ভক্ষাভক্ষ্য :- মূলা খোৱা নিষেধ। ৰা:ঘ:- ১২/৩৬/২১ যোৱাত বেল খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ’ব, লগতে আজি আপোনাৰ কৰ্মত সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা দিশত শুভ বুলি কব পাৰি লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি বিভ্ৰান্তিৰ সৃষ্টি হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত যিসকল সমাজ কৰ্মী আছে তেওঁলোকে সামাজিক কৰ্মত ব্যস্ত হ’বলৈ সুযোগ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য ক্ষতি হব পৰে লগতে আজি আপোনাৰ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, কৰ্মত উন্নতি হ’ব, লগতে আজি আপোনাৰ ধন সম্পত্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, বিবাহিত ব্যক্তি সকলে পাৰিবাৰিক সুখ শান্তি লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মত সামান্য জটিলতাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব , যদিও আজি আপোনাৰ মনৰ পৰা খংঙ আৰু অভিমান ভাৱ পৰিত্যাগ নকৰিলে সামান্য ক্ষতি হব পৰে লগতে আজি আপোনাৰ মনত কষ্ট পাৱলগীয়া হোৱাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, ভ্ৰমণৰ সুযোগ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব,সকলো কৰ্মতে সিদ্ধি লাভ কৰিব, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, কৰ্মত শুভ হ’ব, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব,ছাত্ৰ ছাত্ৰী সকলৰ শুভ বুলি কব পাৰি, যদিও আজি আপুনি সজাগ নহ’লে মনত সৰু সুৰা কথাতে সামান্য অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঠগ প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব যদিও আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব, যদিও আজি আপুনি মিচা অপৱাদ পাৱলগীয়া হোৱাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, নতুন প্ৰেমৰ আৰম্ভণি হ’ব পাৰে, কৰ্মত সফলতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205