🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
৮ ফাগুন , শুক্ৰবাৰ, ইং ২১ ফেব্ৰুৱাৰী ২০২৫
সূৰ্য্যোদয় ঘ :- ৬/২/৩৫
সূৰ্য্যাস্ত ঘ :- ৫/১৬/৪/৫৭
ৰাশি : – বৃশ্চিক ৰাশি।
তিথি :- কৃষ্ণা অষ্টমী , প্ৰা:ঘ:- ৮/২৮/৭ যোৱাত কৃষ্ণা নৱমী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- অনুৰাধা । ঘ:- ১২/৫৩/৫৬ লৈ।
শুভ সংখ্যা :- ৫/১
শুভ ৰং : – চিত্ৰ বিচিত্ৰ/ বগা ।
আদ্যঋতু :- পতিহীনা যোগ ।
মৰণৰ দোষ :- নাই।
যাত্ৰা :- ঈশান কোনত নাই।প্ৰা:ঘ:- ৮/২৮/৭ যোৱাত পূৱ দিশত নাই।
যোগিনী :- ঈশান কোনত ।প্ৰা:ঘ:- ৮/২৮/৭ যোৱাত পূৱ দিশত।
ভক্ষাভক্ষ্য :- নাৰিকল খোৱা নিষেধ। প্ৰা:ঘ:- ৮/২৮/৭ যোৱাত লাও খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন আঁচনি গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে মনৰ উৎসাহ সামান্য হ্ৰাস হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে আপোনাৰ শত্ৰু বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ক’ৰবাত পাবলগীয়া ধন সম্পত্তি ঘূৰাই পোৱাত সামান্য জটিলতা আহিব পাৰে যদিও আজি আপোনাৰ আনন্দ মনে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, নতুন নতুন বস্ত্ৰ লাভ কৰিব পাৰে, লগতে আজি আপোনাৰ হাতলৈ ধন- সম্পত্তি অহাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ’ব, যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ’ব লগতে আজি আপোনাৰ শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ’ব যদিও আজি আপুনি সজাগ নহ’লে সৰু- সুৰা কথাতে মনত সামান্য চিন্তা বাঢ়িব পাৰে, লগতে আজি আপোনাৰ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব উৎসৱ পাৰ্বনত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, কৰ্মত ভাল পৰিবেশন লাভ কৰিব, লগতে আজি আপোনাৰ সম্পত্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনৰ চিন্তা ধাৰা উন্নত মানৰ হ’ব,কৰ্মত শুভ বুলি কব পাৰি, প্ৰেমত আনন্দ বাঢ়িব, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ’ব,ছাত্ৰ ছাত্ৰী সকলৰ ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জটিলতা আহিব পাৰে,ছাত্ৰ ছাত্ৰী সকলৰ মাজত নতুন প্ৰেমৰ আৰম্ভণি হ’ব পাৰে, লগতে আজি আপুনি সজাগ নহ’লে সামান্য খৰচ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ সঞ্চয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত বুদ্ধিৰে সকলো কৰ্মতে আগুৱাই যাবলৈ সক্ষম হব, যদিও আজি আপোনাৰ বিপদ আহিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব লগতে আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য এলাহ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205