🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১০ ফাগুন , ৰবিবাৰ, ইং ২৩ ফেব্ৰুৱাৰী ২০২৫
সূৰ্য্যোদয় ঘ :- ৬/১/১৮
সূৰ্য্যাস্ত ঘ :- ৫/১৮/৫০
ৰাশি : – ধনু ৰাশি।
তিথি :- কৃষ্ণা দশমী , দি:ঘ:- ১১/১১/১৯ যোৱাত কৃষ্ণা একাদশী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- মূলা । ঘ:- ৩/৫৯/১১ লৈ।
শুভ সংখ্যা :- ৭/১
শুভ ৰং : – ৰঙা / হালধীয়া ।
আদ্যঋতু :- পতিহীনা যোগ ।
মৰণৰ দোষ :- এপদ।
যাত্ৰা :- উত্তৰ দিশত নাই।প্ৰা:ঘ:- ১০/২৯/৫০ যোৱাত অগ্নি কোনত নাই।
যোগিনী :- উত্তৰ দিশত ।প্ৰা:ঘ:- ১০/২৯/৫০ যোৱাত অগ্নি কোনত ।
ভক্ষাভক্ষ্য :- কলমৌ শাক খোৱা নিষেধ। প্ৰা:ঘ:- ১০/২৯/৫০ যোৱাত উৰহী খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত পদোন্নতি লাভ কৰিব,বিবাহিত ব্যক্তি সকলে পাৰিবাৰিক সুখ শান্তি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য খৰচ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, শিল্পী সকলৰ সুনাম বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব, বিলাসীতাৰে আজিৰ দিনটোত পাৰ হ’ব, যদিও আজি আপোনাৰ কৰ্মক্ষেত্ৰত জটিলতা আহিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব, ধন সন্মান লাভ কৰিব, লগতে আজি আপোনাৰ সকলো কৰ্মতে জয় লাভ হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, কৰ্মস্থানত সামান্য পৰিবৰ্তন আহিব পাৰে, লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ক’ৰবাত পাবলগীয়া ধন সম্পত্তি ঘূৰাই পাৱ পাৰে, কৰ্মত ভাল পৰিবেশন লাভ কৰিব, যদিও আজি আপুনি আনে বেয়া পোৱা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰৰ উন্নয় মূল্যক কৰ্ম কৰিবলৈ সক্ষম হব, আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ’ব, লগতে আজি আপোনাৰ মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে,পিতৃ মাতৃৰ শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে, লগতে আজি আপোনাৰ কৰ্মত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হ’ব, যদিও আজি আপুনি চোৰৰ পৰা সাৱধান হোৱাটো ভাল হ’ব, লগতে আজি আপুনি সজাগ নহ’লে সামান্য ধন সম্পত্তি নাশ হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, পাৰিবাৰিক সুখ শান্তি লাভ কৰিব, লগতে আজি আপুনি ধন সম্পত্তি লাভ হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত ধন সম্পত্তি বাঢ়িব, কৰ্মত সিদ্ধি লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে যাত্ৰাত সামান্য কষ্টৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ’ব, কৰ্মত নতুন নতুন যোগাযোগ হ’ব, লগতে আজি আপোনাৰ প্ৰেম আৰু কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!