🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১৪ ফাগুন , বৃহস্পতি বাৰ, ইং ২৭ ফেব্ৰুৱাৰী ২০২৫
সূৰ্য্যোদয় ঘ :- ৫/৫৭/৫৩
সূৰ্য্যাস্ত ঘ :- ৫/২১/৩৭
ৰাশি : – কুম্ভ ৰাশি।
তিথি :- কৃষ্ণা চতুৰ্দ্দশী , দি:ঘ:- ৮/৩১/২৪ যোৱাত অমাৱস্যা তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- ধনিষ্ঠা । ঘ:- ৩/৫১/৫০ লৈ।
শুভ সংখ্যা :- ২/৩
শুভ ৰং : – হালধীয়া / ৰঙা ।
আদ্যঋতু :- সুভগা যোগ ।
মৰণৰ দোষ :- এপদ । ঘ:- ৮/৩১/২৪ যোৱাত নাই ।
যাত্ৰা :- পশ্চিম দিশত নাই। ঘ:- ৮/৩১/২৪ যোৱাত ঈশান কোনো নাই ।
যোগিনী :- পশ্চিম দিশত। ঘ:- ৮/৩১/২৪ যোৱাত ঈশান কোনো।
ভক্ষাভক্ষ্য :- মাটিমাহ , মাচ মাংস খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, আনৰ বিশ্বাসী হৈ কৰ্মত আগুৱাই যাবলৈ চেষ্টা কৰিব, লগতে আজি আপোনাৰ মনৰ পৰা খংঙ আৰু অভিমান ভাৱ পৰিত্যাগ নকৰিলে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মত আনৰ পৰা প্ৰসংসা লাভ হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ধন- সম্পত্তি বাঢ়িব, শিক্ষক সকলৰ সুনাম বাঢ়িব, লগতে আজি আপোনাৰ প্ৰেম ,কৰ্ম আৰু ব্যৱসায়িক দিশত শুভ হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত জেষ্ঠ্য ব্যক্তিৰ পৰা মৰম- আশীৰ্বাদৰ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন কৌশল আয়ত্ব কৰিবলৈ সক্ষম হব, প্ৰেমত আনন্দ বাঢ়িব, ব্যৱসায়িক ভাৱে সফলতা লাভ হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব, আয় উপাৰ্জন বাঢ়িব, লগতে আজি আপুনি কৰ্মত কৃতকাৰ্যতা লাভ হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ধন সম্পত্তি বাঢ়িব, সঞ্চয়ৰ মনোভাৱ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য মনোমালিন্য বা বিশ্চেদ হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, দক্ষতাৰে কৰ্মবোৰ আগুৱাই গৈছিল সক্ষম হব, লগতে আজি আপোনাৰ পুৰণি সমস্যাৰ সমাধান হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জয় লাভ কৰিব, ভাল কাপোৰ পৰিধান কৰিবলৈ সক্ষম হব, লগতে আজি আপুনি কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত ভাল পৰিবেশন লাভ কৰিব, পুৰণি সমস্যাৰ সমাধান হ’ব, লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত ৰোগ আৰোগ্য হ’ব, প্ৰেমত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব, মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে উন্নতি হ’ব, যদিও আজি আপুনি কৰ্মত সজাগ হোৱাটো ভাল হ’ব লগতে আজি আপুনি ঠগ- প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!