🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
২০ ফাগুন , বুধবাৰ, ইং ৫ মাৰ্চ ২০২৫
সূৰ্য্যোদয় ঘ :- ৫/৫২/০০
সূৰ্য্যাস্ত ঘ :- ৫/২৫/২৪
ৰাশি : – মেষ ৰাশি। ঘ:- ১২/৪২/১১ যোৱাত বৃষ ৰাশি।
তিথি :- শুক্লা ষষ্ঠী , স:ঘ:- ৫/৩৬/২ যোৱাত শুক্লা সপ্তমী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- ভৰনী । প্ৰা:ঘ:- ৭/৭/৪৮ লৈ।
শুভ সংখ্যা :- ৮/৫
শুভ ৰং : – বগা / সেউজীয়া ।
আদ্যঋতু :- দু:শীলা যোগ ।
মৰণৰ দোষ :- নাই। প্ৰা:ঘ:- ৭/৭/৪৮ যোৱাত দ্বিপদ, স:ঘ:- ৫/৩৬/২ যোৱাত ত্ৰিপদ, শে:ৰা:ঘ:- ৫/৩৭/২৩ যোৱাত এপদ।
যাত্ৰা :- পশ্চিম দিশত নাই।স:ঘ:- ৫/৩৬/২ যোৱাত বাযু কোনত নাই।
যোগিনী :- পশ্চিম দিশত ।স:ঘ:- ৫/৩৬/২ যোৱাত বাযু কোনত।
ভক্ষাভক্ষ্য :- নিম তিতা খোৱা খোৱা নিষেধ,স:ঘ:- ৫/৩৬ /২ যোৱাত তাল খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য আত্মীয় পৰিয়ালৰ দ্বাৰা সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত সুযোগ লাভ কৰিব, আৰ্থিক দিশত উন্নতি হ’ব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য কৰ্মত জটিলতাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন যোগাযোগ কৰিবলৈ সক্ষম হব যদিও আজি আপুনি লগ বন্ধুৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ধন সম্পত্তি লাভ কৰিব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলে সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, কৰ্মত সফলতাৰে আগুৱাই যাবলৈ সক্ষম হব, লগতে আজি আপুনি আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, লগতে আজি আপোনাৰ মনৰ কল্পনা শক্তি বাঢ়িব আৰূ মনত নতুন আশাৰ সঞ্চাৰ হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন কৈ যোগাযোগ কৰিবলৈ সক্ষম হব লগতে আজি বিবাহ প্ৰাৰ্থী সকলৰ ঘৰত বিবাহৰ আলোচনা হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সকলো কৰ্মতে সিদ্ধি লাভ কৰিব, উপাৰ্জন বাঢ়িব, লগতে আজি আপোনাৰ মনটো সামান্য ব্যাকুল হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো সফলতা লাভ কৰিব, শুভ সংবাদ লাভ কৰে, লগতে আজি আপুনি মনে বিচাৰা কৰ্মবোৰ কৰিবলৈ চেষ্টা কৰিব।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ৰোগ আৰোগ্য হ’ব, মনৰ চিন্তা ধাৰা উন্নত মানৰ হ’ব লগতে আজি আপোনাৰ কথা বতৰা বোৰ মধুৰ হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত মনত ভক্তি ভাৱ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে মনত বেয়া চিন্তা আহিব পাৰে, লগতে আজি আপোনাৰ মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত ভাল পৰিবেশন লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে ভ্ৰমণত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে লগতে আজি আপুনি কথা বতৰা বোৰ কওতে সাৱধান হোৱাটো ভাল হ’ব।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!