🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
২৩ ফাগুন , শনিবাৰ, ইং ৮ মাৰ্চ ২০২৫
সূৰ্য্যোদয় ঘ :- ৫/৪৯ /৪০
সূৰ্য্যাস্ত ঘ :- ৫/২৭/৫০
ৰাশি : – মিথুন ৰাশি।
তিথি :- শুক্লা নৱমী , দি:ঘ:- ১১/৫৪/১৫ যোৱাত শুক্লা দশমী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- আৰ্দ্ৰা । শে:ঘ:- ২/৩৩/৪৬ লৈ।
শুভ সংখ্যা :- ২/৮
শুভ ৰং : – নীলা / বেঙুনীয়া।
আদ্যঋতু :- কান্তা যোগ ।
মৰণৰ দোষ :- এপদ । ৰা:ঘ:- ২/৩৩/৪৬ যোৱাত ত্ৰিপদ।
যাত্ৰা :- পূৱ দিশত নাই। ঘ:- ১১/৫৪/১৫ যোৱাত উত্তৰ দিশত নাই।
যোগিনী :- পূৱ দিশত । ঘ:- ১১/৫৪/১৫ যোৱাত উত্তৰ দিশত।
ভক্ষাভক্ষ্য :- লাও খোৱা নিষেধ, ঘ:- ১১/৫৪ /১৫ যোৱাত কলমৌ শাক খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, আপোনাৰ কৰ্মত আনে সমৰ্থন জনাৱ যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য খংঙ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ৰাজনৈতিক সা-সুবিধা লাভ কৰিব, কৰ্মত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হব যদিও আজি আপুনি সজাগ নহ’লে সৰু- সুৰা কথাতে মনটো সামান্য বিষণ্ণ হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে ধন সম্পত্তি সামান্য অপচয় হ’ব পাৰে, লগতে আজি আপোনাৰ মনত সামান্য খংঙ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে সতৰ্কতা অৱলম্বন কৰাটো ভাল হ’ব, লগতে আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সৰু সুৰা কথাতে মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনটো সামান্য অস্থিৰ হ’ব পাৰে লগতে আজি আপোনাৰ ভ্ৰমণত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, যানবাহন পৰা মনত সুখ শান্তি বাঢ়িব যদিও আজি বিবাহিত ব্যক্তি সকলে সজাগ নহ’লে পাৰিবাৰিক দিশত নানান বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব, অভিনয় শিল্পীসকলৰ মনত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, মনৰ চিন্তা ধাৰা উন্নত মানৰ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য অৱসাদ ভাৱ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আনৰ পৰা মৰম- চেনেহ লাভ কৰিব, কৰ্মত সন্মান বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য আত্মীয় পৰিয়ালৰ পৰা বাধাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, শত্ৰু নাশ হব যদিও আজি আপুনি সজাগ নহ’লে চকুৰ অসুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত আনৰ পৰা সহায় প্ৰেৰণা লাভ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য খংঙ ভাৱ বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য আঘাত পাৱলগীয়া হ’ব পাৰে লগতে আজি আপোনাৰ দেহ মনত সামান্য ক্লান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!