🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
২৮ ফাগুন , বৃহস্পতি বাৰ, ইং ১৩ মাৰ্চ ২০২৫
সূৰ্য্যোদয় ঘ :- ৫/৪৪ /২১
সূৰ্য্যাস্ত ঘ :- ৫/৩০/২৭
ৰাশি : – সিংহ ৰাশি।
তিথি :- শুক্লা চতুৰ্দ্দশী দি:ঘ:- ১০ /২৩/৩৫ যোৱাত পূৰ্ণিমা তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- পূৰ্ব্বফাল্গুনী। অহোৰাত্ৰ।
শুভ সংখ্যা :- ৭/৩
শুভ ৰং : – ৰঙা / হালধীয়া।
আদ্যঋতু :- কান্তা যোগ ।
মৰণৰ দোষ :- নাই।
যাত্ৰা :- পশ্চিম দিশত নাই। ঘ:- ১০/২৩/৩৫ যোৱাত বাযু কোনত নাই।
যোগিনী :- পশ্চিম দিশত। ঘ:- ১০/২৩/৩৫ যোৱাত বাযু কোনত।
ভক্ষাভক্ষ্য :- মাটিমাহ , মাছ মাংস খোৱা নিষেধ ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বিদ্যা আহৰণত সুনাম বাঢ়িব, বিবাহিত ব্যক্তি সকলৰ সন্তানৰ চিন্তা মনলৈ আহিব, যদিও মনত হতাশাৰ সৃষ্টি কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো টনকিয়াল হ’ব, হাতলৈ ধন- সম্পত্তি আহিব, লগতে আজি আপোনাৰ দিনটো আনন্দ মনে পাৰ হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত যিসকল উকীল আছে তেওঁলোকৰ কৰ্মত শুভ বুলি কব পাৰি যদিও আজি আন আন ব্যক্তি সকলে সজাগ নহ’লে কৰ্মত সামান্য জটিলতা আহিব পাৰে, লগতে আজি পাৰিবাৰিক দিশত সামান্য ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য খৰছ বাঢ়িব পাৰে, লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি নজৰ ৰখাটো ভাল হ’ব।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য সন্মান হানি হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব , আপোনাৰ কৰ্মত অধিক দ্বায়িত্ব লাভ কৰিব , লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত পদোন্নতি লাভ হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত বিবাহ প্ৰাৰ্থী সকলৰ ঘৰত বিবাহৰ আলোচনা হ’ব পাৰে, আপোনাৰ কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা লাভ কৰিব লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ শান্তি বাঢ়িব, লগতে আজি ছোৱালী সকলৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত সন্মান বাঢ়িব, ধন সম্পত্তি লাভ কৰিব, লগতে আজি আপুনি সকলো কৰ্মতে সিদ্ধি লাভ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ’ব, কৰ্মত যশস্যা বাঢ়িব, লগতে আজি আপোনাৰ উত্তৰ ভোজন লাভ হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত পদোন্নতি লাভ কৰিব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, যদিও আজি আপোনাৰ মনত কষ্ট পাৱলগীয়া হোৱাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত কৃতকাৰ্যতা লাভ কৰিব, কৰ্মত জয় লাভ কৰিব, লগতে আজি আপোনাৰ মনৰ আশা পূৰণ হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!