🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
২ চত , ৰবিবাৰ, ইং ১৬ মাৰ্চ ২০২৫
সূৰ্য্যোদয় ঘ :- ৫/৪১/১০
সূৰ্য্যাস্ত ঘ :- ৫/৩১/৪০
ৰাশি : – কন্যা ৰাশি। ৰা:ঘ:- ১১/৩২/৩২ যোৱাত তুলা ৰাশি।
তিথি :- কৃষ্ণা দ্বিতীয়া দি:ঘ:- ৩ /৫/২৭ যোৱাত কৃষ্ণা তৃতীয়া তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- হস্তা ।ঘ:- ১০/১৫/৬লৈ।
শুভ সংখ্যা :- ১/৫
শুভ ৰং : – ৰঙা / হালধীয়া।
আদ্যঋতু :- বেশ্যা যোগ ।
মৰণৰ দোষ :- দ্বিপদ, ঘ:- ৩/৫/২৭ যোৱাত এপদ।।
যাত্ৰা :- উত্তৰ দিশত নাই। ঘ:- ৩/৫/২৭ যোৱাত অগ্নি কোনত নাই।
যোগিনী :- উত্তৰ দিশত । ঘ:- ৩/৫/২৭ যোৱাত অগ্নি কোনত ।
ভক্ষাভক্ষ্য :- তিতা খোৱা নিষেধ । ঘ:- ৩/৫/২৭ যোৱাত পটল খোৱা নিষেধ।

My YouTube Link:-
https://youtube.com/@astrologernayanjyotisarma8497

👆👆👆
Plz subscribe my channel

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ’ব, মনটো সামান্য উদ্বিগ্ন হ’ব পাৰে যদিও আজি আপুনি উৎসৱ পাৰ্বনত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব পাৰে, ধন সম্পত্তি লাভ কৰিব, লগতে আজি আপোনাৰ মনৰ আশা পূৰণ হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব, উত্তম ভোজন লাভ কৰিব লগতে আজি আপোনাৰ পাৰিবাৰিক জীৱনত সুখ শান্তি লাভ হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব, ভ্ৰমণত সফলতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সামান্য আৰ্থিক দিশটো কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত সজাগ হোৱাটো ভাল হ’ব, আজি আপোনাৰ খৰছ বাঢ়িব পাৰে লগতে আজি আপোনাৰ আত্মীয় পৰিয়ালৰ লগত সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শুভ কৰ্মলৈ মনোনিবেশ হ’ব, কৰ্মত সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সিদ্ধান্ত গ্ৰহণ কৰোঁতে সামান্য খেলিমেলি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, লগতে আজি বিবাহিত ব্যক্তি সকলে পাৰিবাৰিক সুখ শান্তি লাভ হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ’ব, ছাত্ৰ ছাত্ৰী সকলে সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ সন্তানৰ পৰা আনন্দ লাভ হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সৰু সৰু কথাতে মনত সামান্য অশান্তি বা চিন্তা বাঢ়িব পাৰে, লগতে আজি আপোনাৰ ঘৰুৱা দিশত সজাগ নহ’লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত নতুন নতুন বস্ত্ৰ পৰিধান কৰিবলৈ সুযোগ লাভ কৰিব, কৰ্মত শুভ বুলি কব পাৰি যদিও আজি আপুনি হীনমান্যতাত ভুগিব লগা হোৱাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য খৰছ বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সামান্য স্বাস্থ্যৰ হানি হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!