🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১০ বহাগ , বৃহস্পতি বাৰ, ইং ২৪ এপ্ৰিল ২০২৫
সূৰ্য্যোদয় ঘ :- ৪/৫৪/৫২
সূৰ্য্যাস্ত ঘ :- ৫/৪৪/৩০
ৰাশি : – কুম্ভ ৰাশি। ৰা:ঘ:- ১১/৩৭/১ যোৱাত মীন ৰাশি।
তিথি :- কৃষ্ণ একাদশী । ঘ:- ৯/৪৯/১৭ যোৱাত কৃষ্ণা দ্বাদশী তিথি আৰম্ভণি হব।
নক্ষত্ৰ :- শতভিষা । ঘ:- ৬/২৮/৫৩ লৈ।
শুভ সংখ্যা :- ১/৩
শুভ ৰং : – হালধীয়া / বেঙুনীয়া।
আদ্যঋতু :- দূৰ্ভগা যোগ ।
মৰণৰ দোষ : – নাই । ঘ:- ৬/৮/৫৩ যোৱাত দ্বিপদ, ঘ:- ৯/৪৯/১৭ যোৱাত ত্ৰিপদ।
যাত্ৰা :- অগ্নি কোনত নাই । ঘ:- ৯/৪৯/১৭ যোৱাত নৈঋত কোনত নাই।
যোগিনী :- অগ্নি কোনত । ঘ:- ৯/৪৯/১৭ যোৱাত নৈঋত কোনত ।
ভক্ষাভক্ষ্য :- উৰহী খোৱা নিষেধ। দি:ঘ:- ৯/৪৯/১৭ যোৱাত পূৰৈ শাক খোৱ নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব, কৰ্মত আনৰ পৰা প্ৰসংসা লাভ কৰিব, যদিও আজি আপুনি পুলিচ প্ৰশাসনৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত সুখ শান্তি বাঢ়িব, বিবাহ প্ৰাৰ্থী সকলৰ ঘৰত বিবাহৰ আলোচনা হ’ব যদিও আজি আপুনি সজাগ নহ’লে মনটো সামান্য বিষণ্ন হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য খংঙ ভাৱ বাঢ়িব পাৰে লগতে আজি আপোনাৰ দেহ মনত সামান্য আঘাত পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত আনন্দ বাঢ়িব যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ’ব লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত প্ৰসংসা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনটো সামান্য অস্থিৰ হ’ব পাৰে লগতে আজি আপোনাৰ মনত সামান্য অসন্তোষ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত নতুন নতুন ব্যৱসায় বানিজ্যৰ সন্ধান লাভ কৰিব যদিও আজি আপুনি ঠগ- প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব লগতে আজি আপোনাৰ কৰ্মত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সাহসেৰে কৰ্মত আগুৱাই যাবলৈ সক্ষম হব, প্ৰেমত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ মাতৃৰ পৰা সুখ লাভ হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, কৰ্মত সুখ শান্তি বাঢ়িব, লগতে আজি সমাজ কৰ্মী সকলে সামাজিক কৰ্মত ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব,সংবাদ কৰ্মী সকলৰ মনত আনন্দ বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, ছাত্ৰ ছাত্ৰী সকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত মনত সামান্য খংঙ ভাৱ বাঢ়িব পাৰে, ঘৰুৱা কৰ্মত সামান্য অশান্তিৰ সৃষ্টি হ’ব পাৰে, যদিও আজি ছাত্ৰ ছাত্ৰী সকলৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আনৰ পৰা মৰম- চেনেহ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য জটিলতা আহিব পাৰে, লগতে আজি আপোনাৰ দেহ মনত সামান্য ভাগৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205