🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
২০ ভাদ, শুক্ৰবাৰ, ইং ৬ চেপ্তেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/৭/৫১
সূৰ্য্যাস্ত ঘ :- ৫/৩৫/২৫
ৰাশি : -কন্যা ৰাশি। ৰা:ঘ:- ৯/১৯/৩৪ যোৱাত তুলা ৰাশি।
তিথি :- শুক্লা তৃতীয়া। দি:ঘ:- ১২/১১/৩৮ যোৱাত শুক্লা চতুৰ্থী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- হস্তা। প্ৰা:ঘ:- ৮/৩/৪৩ লৈ।
শুভ সংখ্যা :- ৫/১
শুভ ৰং :- চিত্ৰ বিচিত্ৰ/ বগা ।
আদ্যঋতু :- বেশ্যা যোগ।
মৰণৰ দোষ :- নাই।
যাত্ৰা :- আগ্নি কোনত নাই। দি:ঘ:- ১২/১১/৩৮ যোৱাত নৈঋত কোনত নাই।
যোগিনী :- আগ্নি কোনত। দি:ঘ:- ১২/১১/৩৮ যোৱাত নৈঋত কোনত ।
ভক্ষাভক্ষ্য :- পটল খোৱা নিষেধ। দি:ঘ:- ১২/১১/৩৮ যোৱাত মূলা খোৱা নিষেধ।
My YouTube Link :- https://youtube.com/@astrologernayanjyotisarma8497
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত সফলতা লাভ কৰিব,সমাজ কৰ্মী সকলৰ সামাজিক কৰ্মত সন্মান বাঢ়িব, লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, ভাল খাদ্য গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সৰু- সুৰা কথাই আপোনাৰ মনত সামান্য কষ্টৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সকলো কৰ্মতে সিদ্ধি লাভ কৰিব, আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ’ব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আয় বাঢ়িব , উপাৰ্জন বাঢ়িব, হাতলৈ ধন- ধান আহিব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য ভয় ভাৱৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ধন সম্পত্তিৰ সঞ্চয় মনোভাৱ বাঢ়িব, সমাজ কৰ্মী সকলে সামাজিক কৰ্মত আগুৱাই যাবলৈ সক্ষম হব, লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত ক্ষেত্ৰত ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ’ব লগতে আজি ছাত্ৰ ছাত্ৰী সকলে সফলতা লাভ হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, প্ৰেমত শুভ বুলি কব পাৰি, যদিও আজি আপুনি সজাগ নহ’লে সামান্য মানসিক ক্লেষ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত ধন সন্মান লাভ কৰিব, ক’ৰবাত পাবলগীয়া ধন ঘূৰাই পাৱ পাৰে, নতুন নতুন ব্যৱসায় বানিজ্য আৰম্ভণি কৰিবলৈ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনটো সামান্য চঞ্চল হ’ব পাৰে,মনত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে, লগতে আজি আপুনি সজাগ নহ’লে সামান্য আৰ্থিক দিশটো কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত লগ বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব, কৰ্মত ভাল পৰিবেশন লাভ কৰিব, লগতে আজি আপোনাৰ আয় উপাৰ্জন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত ভাল খৱৰ লাভ কৰিব পাৰে, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হ’ব পাৰে লগতে আজি আপোনাৰ মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শত্ৰু নাশ হব, যদিও আজি আপুনি কৰ্মত সময় অপৱ্যয় নকৰাটোৱেই ভাল হ’ব নহ’লে সময়ৰ নাটনি পাৰে।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ “ বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205