🌞 শ্ৰীশ্ৰীসূৰ্যায় পৰমব্ৰহ্মণে নম:🌞
২২ শাওণ , শুক্ৰবাৰ , ইং ৮ আগষ্ট ২০২৫
সূৰ্যোদয় ঘ :- ৪/৫৫/৩৬
সূৰ্যাস্ত ঘ :- ৬/২/২০
ৰাশি : – মকৰ ৰাশি।
তিথি :- শুক্লা চতুৰ্দ্দশী তিথি । ঘ:- ১/৪১/৩৫ যোৱাত পূৰ্ণিমা তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- উত্তৰষাঢ়া । ঘ:- ৩/২/২০ লৈ ।
শুভ সংখ্যা :- ৭/৬
শুভ ৰং : – চিত্ৰ বিচিত্ৰ/ বগা ।
আদ্যঋতু:- সুভগা যোগ ।
মৰণৰ দোষ : – দ্বিপদ। ঘ:- ৩/২/২০ যোৱাত নাই।
যাত্ৰা :- পশ্চিম দিশত নাই। ঘ:- ১/৪১/৩৫ যোৱাত বাযু কোনত নাই।
যোগিনী :- পশ্চিম দিশত। ঘ:- ১/৪১/৩৫ যোৱাত বাযু কোনত।
ভক্ষ্যা-ভক্ষ্য :- মাটিমাহ , মাছ মাংস খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, প্ৰেমত আনন্দ বাঢ়িব, কৰ্ম আৰু ব্যৱসায়িক দিশত শুভ বুলি কব পাৰি যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনৰ উৎসাহ সামান্য হ্ৰাস হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভাল খৱৰ লাভ কৰিব পাৰে,ধন সম্পত্তি সঞ্চয় বাঢ়িব যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ’ব।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত দ্বায়িত্ব বাঢ়িব, সন্তান পৰা আনন্দ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সামান্য মিছা অপৱাদ পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জটিলতা আহিব পাৰে,মনৰ আশা ভংগ হ’ব পাৰে, লগতে আজি আপোনাৰ দেহ মনত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ধন সম্পত্তি বাঢ়িব , মনটো উদাৰ হ’ব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সকলো দিশতে জয় লাভ হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব, প্ৰেমত শুভ বুলি কব পাৰি, যদিও আজি আপুনি সজাগ নহ’লে শত্ৰু বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত উৎসৱ পাৰ্বনত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, মনত আনন্দ বাঢ়িব, কৰ্মত নতুন নতুন দ্বায়িত্ব লাভ কৰিব, যদিও আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত ঋণৰ ক্ষেত্ৰত শুভ বুলি কব পাৰি,নতুন নতুন কাপোৰ পৰিধান কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে প্ৰেমত ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য পৰিবৰ্তন আহিব পাৰে, কৰ্মত সজাগ নহ’লে সামান্য মিচা অপৱাদ পাৱলগীয়া হ’ব পাৰে লগতে আজি আপুনি কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ’ব।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত প্ৰেমত আনন্দ বাঢ়িব, কৰ্মত শুভ সংবাদ লাভ কৰিব লগতে আজি বিবাহিত ব্যক্তি সকলে সন্তানৰ পৰা সুখ শান্তি লাভ হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি-( দ,চ) :- মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ধন সম্পত্তি লাভ কৰিব, কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য সাহসৰ অভাৱ হোৱাৰ যোগ দেখা যায়।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ”, “বাস্তুশাস্ত্ৰ” আৰু “নিউমাৰোলজি” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
ড° নয়নজ্যোতি দেৱ শৰ্মা,
জ্যোতিষৰত্ন
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা-কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205