🌞 শ্ৰীশ্ৰীসূৰ্যায় পৰমব্ৰহ্মণে নম:🌞
২৩ শাওণ , শনিবাৰ , ইং ৯ আগষ্ট ২০২৫
সূৰ্যোদয় ঘ :- ৪/৫৫/৫
সূৰ্যাস্ত ঘ :- ৬/০/৩৩
ৰাশি : – মকৰ ৰাশি। ৰা:ঘ:- ৩/২৪/১১ যোৱাত কুম্ভ ৰাশি।
তিথি :- পূৰ্ণিমা তিথি । ঘ:- ১/২৪/৩৩ যোৱাত কৃষ্ণা প্ৰতিপদ তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- শ্ৰৱণা । ঘ:- ৩/২৬/১৩ লৈ ।
শুভ সংখ্যা :- ৮/৩
শুভ ৰং : – নীলা / বেঙুনীয়া ।
আদ্যঋতু:- সুভগা যোগ ।
মৰণৰ দোষ : – এপদ।
যাত্ৰা :- বাযু কোনত নাই। ঘ:- ১/২৪/৩৬ যোৱাত পূৱ দিশত নাই।
যোগিনী :- বাযু কোনত । ঘ:- ১/২৪/৩৬ যোৱাত পূৱ দিশত।
ভক্ষ্যা-ভক্ষ্য :- মাটিমাহ , মাছ মাংস খোৱা নিষেধ। ঘ:- ১/২৪/৩৬ যোৱাত কোমোৰা খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সফলতা লাভ হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত যিসকল খেলুৱৈ আছে তেওঁলোকে সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপোনাৰ সন্মান হানি হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত উৎসৱ পাৰ্বনত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব,কৰ্মত লগ বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব, লগতে আজি বিবাহিত ব্যক্তি সকলৰ পাৰিবাৰিক সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, কৰ্মত পদোন্নতি লাভ কৰিব, যদিও আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব, লগতে আজি আপোনাৰ সম্পদ লাভ হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য চকুৰ অসুখ হ’ব পাৰে লগতে আজি আপোনাৰ মনোমালিন্য হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত কৃতকাৰ্যতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে পুলিচ প্ৰশাসনৰ পৰা সাৱধান হোৱাটো ভাল হ’ব, লগতে আজি আপোনাৰ সৰু সুৰা কথাতে মনত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত স্বাস্থ্যৰ হানি হ’ব পাৰে লগতে আজি আপোনাৰ অভাৱত ধন সম্পত্তি ক্ষতি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত নতুন নতুন কৰ্ম লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে আজি আপোনাৰ মনৰ আশা ভংগ হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত আয় উপাৰ্জন বাঢ়িব,কৰ্মত সামান্য পৰিবৰ্তন আহিব পাৰে, লগতে আজি আপোনাৰ শত্ৰু নাশ হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি-( দ,চ) :- মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মত নতুন নতুন দ্বায়িত্ব লাভ কৰিব, যদিও আজি আপোনাৰ জটিলতা সৃষ্টি কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ”, “বাস্তুশাস্ত্ৰ” আৰু “নিউমাৰোলজি” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
ড° নয়নজ্যোতি দেৱ শৰ্মা,
জ্যোতিষৰত্ন
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা-কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205