🌞 শ্ৰীশ্ৰীসূৰ্যায় পৰমব্ৰহ্মণে নম:🌞
২৮ শাওণ , বৃহস্পতি বাৰ , ইং ১৪ আগষ্ট ২০২৫
সূৰ্যোদয় ঘ :- ৪/৫৭/১২
সূৰ্যাস্ত ঘ :- ৫/৫৭/২০
ৰাশি : – মীন ৰাশি।
তিথি :- কৃষ্ণা পঞ্চমী তিথি । প্ৰা:ঘ:- ৫/৪৮/১৪যোৱাত কৃষ্ণা ষষ্ঠী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- ৰেৱতী। ঘ:- ১১/২৩/৪৮ লৈ ।
শুভ সংখ্যা :- ৪/৩
শুভ ৰং : – হালধীয়া/ ৰঙা।
আদ্যঋতু:- দু:শীলা যোগ ।
মৰণৰ দোষ : – নাই।শে:ৰা:ঘ:- ৩/২৭/৪৭ যোৱাত এপদ।
যাত্ৰা :- দক্ষিণ দিশত নাই। প্ৰা:ঘ:- ৫/৪৮/১৪যোৱাত পশ্চিম দিশত নাই। শে:ৰা:ঘ:- ৩/২৭/৪৭ যোৱাত বাযু কোনত নাই।
যোগিনী :- দক্ষিণ দিশত । প্ৰা:ঘ:- ৫/৪৮/১৪যোৱাত পশ্চিম দিশত। শে:ৰা:ঘ:- ৩/২৭/৪৭ যোৱাত বাযু কোনত।
ভক্ষ্যা-ভক্ষ্য :- বেল খোৱা নিষেধ। প্ৰা:ঘ:ঘ:- ৫/৪৮/১৪ যোৱাত নিমতিতা খোৱা নিষেধ। শে:ৰা:ঘ:- ৩/২৭/৪৭ যোৱাত তাল খোৱ নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জটিলতা আহিব পাৰে, সৰু সুৰা কথাতে মনত সামান্য চিন্তা বাঢ়িব পাৰে যদিও আজি সমাজ কৰ্মী সকলৰ ৰাজহুৱা কৰ্মত ব্যস্ততা বাঢ়িব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব, কৰ্মস্থানৰ সামান্য সাল সলনি হ’ব পাৰে, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত আত্মীয় পৰিয়ালৰ পৰা সহায় সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত ধন সম্পত্তি সঞ্চয় বাঢ়িব, কৰ্মত লগ বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব,কৰ্মত উন্নতি সাধন হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ধন- সম্পত্তি বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে ভ্ৰমণ সামান্য বাধাৰ সৃষ্টি হ’ব পাৰে, লগতে আজি আপোনাৰ সৰু সুৰা কথাতে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হব, লগতে আজি আপোনাৰ ধন সম্পত্তি লাভ হ’ব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব লগতে আজি আপোনাৰ সন্মান লাভ হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, বিবাহিত ব্যক্তি সকলে সন্তানৰ পৰা আনন্দ লাভ কৰিব, লগতে আজি আপোনাৰ ভোজন বিলাস বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয় পৰিয়ালৰ আগমন হ’ব ঘৰলৈ, ধন- সম্পত্তি আহিব হাতলৈ, লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ আয় উপাৰ্জন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, প্ৰেমত আনন্দ বাঢ়িব, কৰ্মত শুভ বুলি কব পাৰি, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, উকীল সকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য ভয় আৰু উদ্বেগ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত কৰ্মত সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য সম্পদ হানি হ’ব পাৰে, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য বাধাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি-( দ,চ) :- মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত সামান্য চিন্তা বাঢ়িব পাৰে, যদিও আজি আপোনাৰ উত্তম ভোজন লাভ হোৱাৰ যোগ দেখা যায়।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ”, “বাস্তুশাস্ত্ৰ” আৰু “নিউমাৰোলজি” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
ড° নয়নজ্যোতি দেৱ শৰ্মা,
জ্যোতিষৰত্ন
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা-কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205