৮ আৰু ৯ জুলাইত ৰাছিয়ালৈ আনুষ্ঠানিক ভ্ৰমণত যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ আমন্ত্ৰণত ভাৰত-ৰাছিয়াৰ ২২ সংখ্যক বাৰ্ষিক সন্মিলনত অংশগ্ৰহণৰ বাবে মস্কোলৈ যাব প্ৰধানমন্ত্ৰী মোডী, এই কথা স্পষ্ট কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে । দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থৰ সমসাময়িক আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰত মত বিনিময় কৰিব। তাৰ পিছত ৯ আৰু ১০ জুলাইত প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰিয়া ভ্ৰমণ কৰিব।বিগত ৪১ বছৰৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰথমটো অষ্ট্ৰিয়া ভ্ৰমণ। অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভন ডাৰ বেলেনক সাক্ষাৎ কৰিব মোদীয়ে।