সাতৰ পৰা আঠ ঘণ্টাৰ টোপনি সকলোৰে বাবে অতি প্ৰয়োজনীয়। নহ’লে শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি হয়। ভাগৰুৱা হোৱাৰ লগে লগে আন ৰোগো আহে। গভীৰ টোপনিৰ বাবে শুই থকা ঠাইখনো উপযুক্ত হ’ব লাগে। সকলোৰে টোপনিৰ ধৰণ বেলেগ বেলেগ।

লাইট জ্বলাই কোনেও শুব নোৱাৰে। শান্তিপূৰ্ণ টোপনিত ব্যাঘাত জন্মাব পৰা বস্তু শোৱা কোঠাত নাৰাখিলে ভাল।

শুই থকাৰ সময়ত ফোন ব্যৱহাৰ নকৰিব। এই কথা প্ৰায়ে চিকিৎসকে কয়। ই টোপনিৰ ব্যাঘাত জন্মায় আৰু অনিদ্ৰা বৃদ্ধি কৰে। শুই থকাৰ সময়ত মোবাইল ফোন, টেবলেট ব্যৱহাৰ নকৰিব চিনেমা, ধাৰাবাহিক, ৰিল ভিডিঅ’ অবিৰতভাৱে চোৱাৰ ফলত গুৰুতৰ পৰিণতি হ’ব পাৰে।

ৰাতি শুই থকাৰ সময়ত মানিবেগটো মূৰৰ কাষত নাৰাখিব। কাৰণ ইয়াত টকা আছে। ফলত টকাৰ চিন্তাবোৰ মূৰত সদায় চলি থাকে। ই শান্তিতকৈ অধিক বিশৃংখলতাৰ সৃষ্টি কৰে। সদায় টকাৰ চিন্তা মনৰ ভিতৰত চলি থাকে। বাস্তু বিশেষজ্ঞৰ মতে, মানিবেগ আঁতৰাই ৰাখিলে টকাৰ চিন্তাৰ পৰা আঁতৰি থকা সম্ভৱ। চিন্তা দূৰ হ’লে টোপনি সোনকালে আহিব।

শুই থকাৰ সময়ত জোতাযোৰ মূৰৰ ওচৰত বা বিচনাৰ তলত নাৰাখিব। বাস্তু বিশেষজ্ঞৰ মতে ইয়াত অশুভ শক্তিৰ থাকে। পৰিয়ালটোৰ ক্ষতি হ’ব পাৰে বুলিও সকীয়াই দিছে৷

গতিকে শোৱাৰ আগতে এই কেইটামান বস্তুৰ যত্ন লওক। তেতিয়াহে টোপনি সুস্থ হ’ব। আৰু সুস্বাস্থ্য থাকিলে জীৱনত শান্তি থাকিব। তেতিয়াহে টোপনি সুস্থ হ’ব। আৰু সুস্বাস্থ্য থাকিলে জীৱনত শান্তি আৰু সমৃদ্ধি থাকিব।

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!