দুয়োখন ভৰি জন্মৰ পৰাই সুস্থ সৱল নাছিল,এল ল’ৰাজনৰ ৷ তথাপিও, ল’ৰাজনে স্বচ্ছন্দে জীয়াই থাকিবলৈ, নিচেই সৰুৰে পৰাই দেখিছিল দুৰ্বাৰ সপোন ৷ আশ্ৰয়হীনভাৱে এখোজো কাঢ়িব নোৱাৰা ল’ৰাজনে আন দহজন সাধাৰণ মানুহৰ দৰেই কৰিছিল কৰ্মময় জীৱন সংগ্ৰাম ৷ বিশেষভাৱে সক্ষম এই ল’ৰাজনৰ নাম বিভূতিভূষণ বৰা ৷ উঠি অহা নৱ প্ৰজন্মৰ বাবে আদৰ্শ স্বৰূপ এই ল’ৰাজনে প্ৰৱল ইচ্ছাশক্তি আৰু মাতৃৰ সহযোগত অব্যাহত ৰাখিছিল জীৱনৰ কঠোৰ সংগ্ৰাম ৷ বঢ়মপুৰ হাজৰিকাচুক নিবাসী গজেন্দ্ৰ বৰুৱা আৰু অনিমা হাজৰিকাৰ জেষ্ঠ পুত্ৰ , বিশেষভাৱে সক্ষম এই দৃঢ়মনা যুৱকজনে ২০০৮ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অবতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছত ২০১০ চনত নগাঁও মহাবিদ্যালয়ৰ পৰা কলা শাখাত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হয় । সমান্তৰালভাৱে গ্ৰহণ কৰিছিল কম্পিউটাৰ শিক্ষা ৷ হঠাতে এদিন ইউটিউবত মমবাতি আৰু ধূপকাঠি নিৰ্মাণ সন্দৰ্ভত সৱিশেষ তথ্যৰ সম্ভেদ পাই তেওঁ কুটিৰ শিল্পৰ উদ্যোগ এটি গঢ়ি তুলিবলৈ মন মেলিলে ৷ আৰ্থিক সংকটৰ মাজতো পিতৃ-মাতৃৰ সহযোগত ঘৰতে এটি কম্পিউটাৰ চেন্টাৰৰ লগতে শিখা কেণ্ডেল আৰু সুগন্ধি উদ্যোগ নামেৰে দুটি উদ্যোগ গঢ়ি তুলিলে ৷ উন্নতমানৰ ধূপ আৰু মম নিৰ্মানত মনোনিৱেশ কৰি প্ৰথমাৱস্থাত যথেষ্টপৰিমাণে লাভাম্বিত হৈছিল যুৱকজন ৷ স্থানীয় দুই এগৰাকী যুৱক-যুৱতীকো কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰিছিল ৷ হঠাতে এদিন বিভূতিভূষণৰ কুটিৰ শিল্পৰ উদ্যোগটি আৰু কম্পিউটাৰ চেন্টাৰটো ভয়াৱহ ক’ভিড পৰিস্থিতিৰ সময়চোৱাত বন্ধ হৈ পৰাত অভাৱনীয়ভাৱে নামি আহে দুৰ্যোগ। বৰ্তমানে বিশেষভাৱে সক্ষম এই যুৱকজনে আৰ্থিক সংকটত ভূগিব লগা হৈছে ; যাৰ বাবে কেইবাটাও পৰিয়াললৈকো নামি আহিছে সীমাহীন দুৰ্যোগ ৷ এই ক্ষেত্ৰত যুৱকজনে বঢ়মপুৰ সমষ্টিৰ স্থানীয় বিধায়ক জিতু গোস্বামীৰ প্ৰত্যক্ষ সহায়-সহযোগিতা বিনম্ৰতাৰে কামনা কৰিছে ৷ আৰ্থিক অনাতনৰ ফলত শিল্পালয়খন পুনৰ উজ্জীৱিত কৰিবলৈ সক্ষম নোহোৱাত বিভূতিভূষণ মানসিকভাৱেও ভাঙি পৰিছে ৷ বিভূতিভূষণৰ মাতৃ অনিমা হাজৰিকাই স্থানীয় বিধায়ক গৰাকীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনাইছে যেন পুত্ৰক অকনমান দয়াৰ দৃষ্টিৰে চায় ৷ লগতে ৰাজ্যৰ অন্যান্য বিশেষভাৱে সক্ষম যুৱক-যুৱতী সকলেও যেন জীয়াই থকাৰ নূন্যতম সুবিধাখিনি পায় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!