বিধায়ক পদ্ম হাজৰিকা মূখ্য পৃষ্ঠপোষক ও নিতুমনি বৰা সভাপতি নিৰ্ব্বাচিত৷
জামুগুৰিহাটৰ টুপিয়া পাঁচগাঁও ক্ৰীড়া সংস্থাৰ দ্বিবাৰ্ষিক অধিবেশনখনি টুপিয়া পাঁচগাঁও একাডেমীত উৎসাহপূৰ্ণ ভাবে সফলতাৰে অনুষ্ঠিত হয় ৷ শোণিতপুৰৰ জিলাৰ আগশাৰীৰ ক্ৰীড়া সংগঠনটিয়ে প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা ৰাজ্যিক প্ৰৰ্য্যায়ৰ ফুটৱল খেল প্ৰতিযোগিতা খনিয়ে ইতিমধ্যেই অসমবাসীৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে আৰু ২০২৪ বৰ্ষত নৈশভাগত ফ্লাড লাইটৰ পোহৰত এই প্ৰতিযোগিতা খনি অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলোৱাৰ কথা জাইছে ক্ৰীড়া সন্হাৰ বিষয়ববীয়া সকলে৷অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক প্ৰয়াত চিদানন্দ বৰা আৰু অৱনী প্ৰসাদ বৰা ৰ সোঁৱৰণত অনুষ্ঠিত হ’ব লগা এই ফুটবল খেল প্ৰতিযোগিতাখনিত বিগত বৰ্ষ দুটাৰ দৰেই বিদেশী খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনাই অঞ্চলটোৰ ক্ৰীড়াপ্ৰেমীসকলকো উৎসাহিত কৰি তুলিছে৷এনে সম্ভাৱনাপূৰ্ণ পৰিস্থিতিৰ মাজতে সংস্থাৰ সভাপতি নিতুমনি বৰা ৰ সভাপতিত্বত শতাধিক সদস্যৰ উপস্থিতিত অনুষ্ঠিত বাৰ্ষিক অধিবেশনৰ সাধাৰন সভাই ২০২২-২৩ আৰু ২০২৩-২৪ বৰ্ষৰ হিচাব পৰীক্ষাৰ প্ৰতিবেদন সৰ্ব্বসন্মতিক্ৰমে গৃহীত কৰে৷ জিলা খনৰে অন্যতম বৃহৎ তথা নদুৱাৰ সমষ্টিৰ সৰ্ব্ববৃহৎ ফুটৱল খেল প্ৰতিযোগিতা অনুষ্ঠিত হৈ অহা টুপিয়া পাঁচগাঁও ক্ৰীড়া সন্হাৰ মিনি ষ্টেডিয়ামখনি পূৰ্ণাংগ ষ্টেডিয়ামলৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহন কৰি ইয়াক নিৰ্ম্মানৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সভাই এক প্ৰস্তাৱ যোগে অসম চৰকাৰ তথা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক অনুৰোধ জনায়৷ অধিবেশনৰ সাধাৰণ সভাই সৰ্ব্বসন্মতিক্ৰমে বিধায়ক পদ্ম হাজৰিকাক টুপিয়া পাঁচগাঁও ক্ৰীড়া সংস্হাৰ মূখ্য পৃষ্ঠপোষক আৰু বিশিষ্ট সমাজকৰ্মী নিতুমনি বৰা ক সভাপতি হিচাবে নিৰ্ব্বাচিত কৰে৷লগতে সভাই নিত্যানন্দ বৰাক কাৰ্য্যকৰী সভাপতি ,পংকজ ভূঞা আৰু দিব্যজ্যোতি হাজৰিকাক যুটীয়া সাধাৰণ সম্পাদক হিচাবে লৈ কেইবাজনো উপ সভাপতি, সম্পাদক আৰু সহকাৰী সম্পাদক সহ মুঠ ৩১ জনীয়া এখনি শক্তিশালী কাৰ্য্যনিৰ্বাহক সমিতি গঠন কৰি দিয়ে৷