বিহাৰত নিতিশ কুমাৰে মাদ্ৰাছা খোলাকলৈ লৈ সাংসদ দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া ৷
বিশ্বনাথ জিলাৰ ২১খন গাওঁ ওদালগুৰি জিলাত অন্তৰ্ভুক্তকলৈ মত ব্যক্ত সাংসদ দিলীপ শইকীয়াৰ ৷
মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই আজি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা জীয়াভৰলী কন্যকা কৃষিপাম পৰিদৰ্শন কৰে ৷কন্যকা কৃষি পাম পৰিদৰ্শন কৰি সাংসদ গৰাকী অভিভূত হৈ পৰাৰ লগতে ৰাজ্যৰ প্ৰতিটো সমষ্টিতেই এনেধৰনৰ কৃষিপাম গঢ়ি তোলাৰো পোষকতা কৰে ৷ বিশ্বনাথ জিলাৰ ২১ খন গাঁও ওদালগুৰি জিলাৰ অন্তৰ্ভূক্ত হোৱা বিষয়টোত প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে বিহাৰৰ প্ৰতিখন জিলাত নিতিশ কুমাৰে মাদ্ৰাছা নিৰ্মান কৰিবলৈ বিচৰা সন্ধৰ্ভত সাংৱাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত সাংসদ গৰাকীয়ে কয়-বিহাৰত নিতিশ কুমাৰে কি কৰিছে সেইটো আমাৰ প্ৰয়োজন নাই ৷ সেইটো তেওঁলোকৰ দলীয় আভ্যন্তৰীণ বিষয় ৷ কিন্তুু অসমত আমি ধৰ্মীয় শিক্ষাৰে মৌলৱাদী হোৱাতকৈ ডাক্তৰ ইঞ্জিনীয়াৰহে বিচাৰো বুলি মন্তব্য কৰে ৷ কন্যকা কৃষিপাম পৰিদৰ্শন কালত সাংসদ গৰাকীক সংগ দিয়ে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷