এচিএছ বিষয়া পৰাগ কুমাৰ কাকতিয়ে দৰং জিলাৰ ৩২ তম জিলা আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। চলিত মাহৰ প্ৰথম সপ্তাহত ৰাজ্যৰ কেইবাজনো জিলা আয়ুক্তৰ সালসলনি কৰা হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত , দৰং জিলাৰ আয়ুক্তকো ৰদবদল কৰা হয়। এচিএছ বিষয়া পৰাগ কুমাৰ কাকতিক পূৰ্বৰ এচিএছ বিষয়া মুনিন্দ্ৰ নাথ ঙাটেৰ ঠাইত দৰং জিলাৰ নতুন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে।

এচিএছ বিষয়া মুনিন্দ্ৰ নাথ ঙাটেক বৰ্তমান বিশ্বনাথ জিলাৰ আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। দৰং জিলাৰ আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত তেওঁ মঙলবাৰে আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দৰং জিলাৰ সাংবাদিকসকলৰ সৈতে পৰিচয় হয় আৰু দৰং জিলাৰ সাংবাদিকসকলৰ সৈতে বাৰ্তালাপ কৰে । জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সৌহাৰ্দ্যপূৰ্ণ অনুষ্ঠানত অতিৰিক্ত আয়ুক্ত মানস ডেকা, গৌৰীপ্ৰিয়া দেউৰী, সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসম্পৰ্ক বিষয়া ইহছানুল হুছেইন, সহকাৰী আয়ুক্ত আকাংক্ষী ভট্টাচাৰ্য আৰু জিলাখনৰ বহু জ্যেষ্ঠ কনিষ্ঠ সাংবাদিক উপস্থিত আছিল। সেইদিনাৰ সভাত উপস্থিত সাংবাদিক সকলে নৱনিযুক্ত আয়ুক্ত গৰাকীক আদৰণি জনায় আৰু জিলাখনৰ সমস্যা সমাধানৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়। সভাত জিলাখনৰ কেইবাজনো জ্যেষ্ঠ আৰু কনিষ্ঠ সাংবাদিকে এই উপলক্ষে তেওঁলোকৰ মতামত ব্যক্ত কৰিছিল। সেইদিনাৰ সভাত জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিয়ে সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ নকৈ সুন্দৰ কাৰুশিল্পেৰে খোদিত স্তম্ভ বুলি অভিহিত কৰে। আয়ুক্ত কাকতিয়ে মঙ্গলবাৰে সাংবাদিকৰ সৈতে মত বিনিময়ৰ মাজতে উল্লেখ কৰে যে তেওঁ সাংবাদিকতাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে আৰু তেওঁ নিজেও কিছু সময়ৰ বাবে সাংবাদিকতাৰ কাম কৰিছিল।