বীৰাংগনা কনকলতা বৰুৱাৰ স্মৃতিত ৰাজ্য চৰকাৰে প্ৰতিষ্ঠা কৰিবলৈ লোৱা বিশ্ববিদ্যালয়ৰ সম্পৰ্কত এখনি গুৰুত্বপূৰ্ণ সভা গহপুৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। কালি বিয়লি ৪ বজাত বিশ্বনাথ জিলাৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত গহপুৰ মহকুমাৰ অন্তৰ্গত ভোলাগুৰি চাহ বাগিচাত নিৰ্মাণ হ’বলগীয়া প্ৰস্তাৱিত শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ সম্পৰ্কত চাহ বাগিচাৰ বিভিন্ন সংগঠন সমূহৰ প্ৰতিনিধি সকলৰ সৈতে এক প্ৰাৰম্ভিক পৰ্যায়ৰ আলোচনা সভা অনুষ্ঠিত হয়। সভাত গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰা, গহপুৰ মহকুমাৰ মহকুমাধিপতি লুকুমণি বড়া, হেলেম ৰাজহ চক্ৰ বিষয়া ত্ৰিলিনা টাইড আৰু‌ গহপুৰ মহকুমাৰ সহকাৰী আয়ুক্ত মাধুৰ্য কুমাৰ পৰাশৰ লগতে গহপুৰ মহকুমা প্ৰশাসনৰ কেইবাগৰাকী বিষয়া উপস্থিত থাকে। পৰৱৰ্তী সময়ত বিশ্ববিদ্যালয় নিৰ্মাণ সম্পৰ্কত এনেধৰণৰ কেইবালানি সভা অনুষ্ঠিত হ’ব বুলি জিলা প্ৰশাসনে জানিবলৈ দিয়ে। সভাত স্থানীয় বিধায়ক উৎপল বৰাই বক্তব্য ৰাখি কয় যে বিশ্ববিদ্যালয়খনে গহপুৰ মহকুমাৰ শিক্ষাৰ ক্ষেত্ৰখনক এক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে মহকুমাটোক সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিশ্ববাসীৰ মাজত এক সুকীয়া পৰিচয় প্ৰদান কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!