অসমৰ অগ্ৰণী অনুষ্ঠান নেবকছৰ প্ৰচেষ্টাত যোৱা ২৭ ছেপ্টেন্বৰত চন্দ্ৰপুৰৰ ঠাকুৰকুছি আদৰ্শ গাঁৱত এক আকৰ্ষণীয় অনুষ্ঠানৰ মাজেৰে গছ পুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ হয়। এম মা প্ৰডাকচনৰ সহযোগত এই কাৰ্যসূচী সমাপন হয়। এম মা প্ৰডাক্‌চনৰ স্বত্বাধিকাৰ মনোজ কুমাৰে গছ পুলি ৰোপণৰ এই আদৰণীয় পদক্ষেপ দীৰ্ঘদিন ধৰি গ্ৰহণ কৰি আহিছে। নেবকছৰ সভাপতি গগণাষ্টম গগৈৰ তত্ত্বাৱধানত নেবকছ পৰিয়ালে পৃথিৱী সেউজ কৰাৰ লক্ষ্যৰে বিভিন্ন সময়ত বিভিন্ন স্থানত গছ পুলি ৰোপণ কৰি অহাটো লক্ষণীয়। চন্দ্ৰপুৰৰ সেউজ পৰিৱেশত এই গছ পুলি ৰোপণ কৰে বিশিষ্ট সংগীতশিল্পী নৱজ্যোতি শইকীয়াই। অনুষ্ঠানত ভাষণ ৰাখি নৱজ্যোতি শইকীয়াই কয়ঃ গগণাষ্টম গগৈ আৰু মনোজ কুমাৰৰ এই প্ৰচেষ্টা সঁচাকৈয়ে শলাগণীয়। নেবকছ আৰু এম মা প্ৰডাক্‌চনৰ এনে গঠনমূলক প্ৰচেষ্টাই সমাজলৈ ইতিবাচক প্ৰভাৱ কঢ়িয়াই আনিব বুলিও ভাষণ প্ৰসংগত দোহাৰে সংগীত শিল্পীগৰাকীয়ে। সাংস্কৃতিকমুখৰ কাৰ্যসূচীৰে সমাপন হোৱা গছ পুলি ৰোপণ অনুষ্ঠানত চন্দ্ৰপুৰৰ বহু কেইগৰাকী সচেতন ব্যক্তি উপস্থিত থাকে। নৱজ্যোতি শইকীয়া আৰু মনোজ কুমাৰে সংগীতৰ অনুষ্ঠান আগবঢ়াই সকলোকে মুগ্ধ কৰে। নৱজ্যোতি শইকীয়াৰ সহধৰ্মিনী, শিক্ষয়িত্ৰী কাজু বৰগোহাঁইয়ে আকৰ্ষণীয় বক্তব্যৰে সকলোকে মুগ্ধ কৰে। ভাষণত তেওঁ কয় যে, গছ থাকিলেহে মানুহ থাকিব, থাকিব পৃথিৱী। সেয়েহে প্ৰত্যেকজন ব্যক্তিয়েই বছৰত এটাকৈ হ’লেও গছ পুলি ৰোৱাৰ অভ্যাস কৰিব লাগে। কেৱল গছ পুলি ৰুই দায়িত্ব পালন কৰিলেই নহ’ব, ইয়াক প্ৰতিপালন কৰি যত্ন লোৱাটোও সমানেই গুৰু দায়িত্ব বুলিও দোহাৰে কাজু বৰগোহাঁইয়ে। অনুষ্ঠানৰ শেষত প্ৰকৃতিৰ ওপৰত স্বৰচিত এটি কবিতা পাঠ কৰি গগণাষ্টম গগৈয়ে সকলোকে শলাগৰ শৰাই আগবঢ়াই।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!