গুৱাহাটীৰ দিছপুৰস্থিত লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় দিছপুৰ প্ৰেছ ক্লাৱৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বিভিন্ন ক্ষেত্ৰৰ ৩১ গৰাকী ব্যক্তিক বিভিন্ন শিতানত বঁটা প্ৰদান কৰা হয়।

অনুষ্ঠানটোত মুখ্য অতিথিৰূপে অসম বিধানসভাৰ উপাধ্যক্ষ ডা’ নোমল মোমিন, বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ, সঞ্জীৱ ফুকন, অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাস, দ্য আসাম ট্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক পি জে বৰুৱা, পদ্মশ্ৰী ৰোমাণ শৰ্মা, আপকুৰ কাৰ্যকৰী সভাপতি মৌচমজ্যোতি বৈশ্য, আৰ এছ এছৰ উত্তৰ-পূৱ প্ৰান্তৰ ক্ষেত্ৰ প্ৰচাৰ প্ৰমুখ শংকৰ দাস, আক্ৰাছুৰ সাধাৰণ সম্পাদক সুণাধৰ ৰায়, বিজেপি নেতা ধৰ্মকান্ত গগৈ, দিছপুৰ প্ৰেছ ক্লাৱৰ সভাপতি ড’ নৰেন হাজৰিক, কাৰ্যকৰী সভাপতি আৰ্জেদ হুছেইন চহৰীয়া আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

অনুষ্ঠানটোত বিশিষ্ট অভিনেত্ৰী প্ৰস্তুতি পৰাশৰক জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হয়।
অনূষ্ঠানৰ বঁটা প্ৰাপক সকল ক্ৰমে
১/সম্পাদক বঁটা
ৰামলাল সিনহা
কাৰ্যবাহী সম্পাদক, দ্যা ছেণ্টিনেল ,

২/সাংবাদিকতা বঁটা
বিদ্যুৎ কলিতা
অসমীয়া প্ৰতিদিন, জ্যেষ্ঠ সহযোগী সম্পাদক ,

লক্ষ্যজিৎ গোহাঁই
দৈনিক অসম, জ্যেষ্ঠ সাংবাদিক ,

পলাশ খাউণ্ড
আমাৰ অসম, জ্যেষ্ঠ সাংবাদিক ,

কমল কৃষ্ণ ডেকা
প্ৰতিদিন টাইম, জ্যেষ্ঠ সাংবাদিক

‘ সুৰজিৎ শইকীয়া
জ্যেষ্ঠ সাংবাদিক, এন কে টিভি ,

চহিৰ ভূঞা
উপ সম্পাদক, দৈনিক সোণৰ অসম,

ফটো সাংবাদিকতা বঁটা
অনুপম নাথ
জ্যেষ্ঠ ফটো সাংবাদিক,

নিউজ এংকৰ বঁটা
মযূৰী চৌধুৰী
এন বি নিউজ, এংকৰ,

ভিডিঅ’ সাংবাদিকতা বঁটা
এলবাৰ্ট বেণ্ডো
নিউজ লাইভ, জ্যেষ্ঠ ভিডিঅ’ সাংবাদিক,

সাংবাদিক সংগঠক কল্যাণ বঁটা
চাম্প্ৰি বে’
সাংবাদিক, জাফা,

সাহসী বঁটা
শৃংখল চলিহা , বীৰ লাচিত সেনা ,

জীৱন সঞ্জীৱনী বঁটা
ডা: অমৰেন্দ্ৰ নাৰায়ণ দেৱ
বিশিষ্ট চিকিৎসক

কণ্ঠ শিল্পী বঁটা (পুৰুষ)
মণ্টুমণি শইকীয়া

, কণ্ঠ শিল্পী বঁটা (মহিলা)
প্ৰাৰ্থনা বৰঠাকুৰ ,

সমাজ হিতৈষী বঁটা
মিনতি বৰঠাকুৰ

, চিত্ৰ শিল্পী বঁটা
লিয়াকত আলি ,

সাহিত্য বঁটা
মৌচুমী ঘোঁৰাচোৱা

যুৱ বন্ধু বঁটা
অৰবিন্দ দাস ,

মানৱ সেৱা বঁটা
জনি টিমুং ,

অগ্ৰণী মহিলা বঁটা
ৰিংকু মণি বৰুৱা শৰ্মা ,

নীৰৱ সাধক বঁটা
বদনছিং তিছ’,

জন সেৱা বঁটা
ড° ভাস্কৰ কুমাৰ কাকতি ,

যুৱ ৰাজনীতিক বঁটা
ৰঞ্জীৱ শৰ্মা,

উদ্যোগী বঁটা
নিপুল কলিতা ,

বিশেষ পেৰা মেডিকেল প্ৰশিক্ষণ সেৱা বঁটা
Nepeds Group Of Institutions,

জনহিতৈষী আৰক্ষী বঁটা কল্যাণ কুমাৰ পাঠক, অতিৰিক্ত আৰক্ষী অধীক্ষক, এছ টি এফ

, কৰ্মযোগী বঁটা
হেমাংগ ঠাকুৰীয়া, বিধায়ক
(পলাশবাৰী সমষ্টি)

বিশিষ্ট সমাজকৰ্মী বঁটা
ডা: অতনু বৰঠাকুৰ

নাট্য সাধক বঁটা
শৈলেন দাস

অনুষ্ঠানটোত দুই শতাধিক লোকে অংশগ্ৰহণ কৰে।

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!