জিলা ঔষধ পৰিদৰ্শক আৰু নলবাৰী জিলা ঔষধ ব্যৱসায়ী সন্ত্ৰাৰ উদ্যোগত আয়োজন কৰা হয় সজাগতা সভাখন।


সমাজ আৰু সামাজিক পৰিৱেশ বিঘ্নিতকাৰী এনেবোৰ অপশক্তিৰ বিৰুদ্ধে সমাজৰ প্ৰতিটো স্তৰৰ নাগৰিক মাৰবান্ধি থিয় দিয়াৰ লগতে এনেবোৰ মাৰাত্মক কাৰকৰ কৰাল গ্ৰাসৰ পৰা যুৱ প্ৰজন্মক উদ্ধাৰ কৰাৰ বাবে সমাজৰ আৰু নাগৰিকৰ কৰণীয়তা সন্দৰ্ভত সজাগতা সৃষ্টিৰ লক্ষ্যৰে সভাখন আয়োজন কৰা হয় ।
পূৱ বৰক্ষেত্ৰী বহুমুখী সমবায় সমিতিৰ সচিব ফিৰোদুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে নলবাৰী জিলা ঔষধ পৰিদৰ্শক অনুপ জ্যোতি শইকীয়া,নলবাৰী জিলা ঔষধ পৰিদৰ্শক কাৰ্য্যালয় সহায়ক দামোদৰ তালুকদাৰ,ঔষধ ব্যৱসায়ী,আশা কৰ্মী আৰু স্থানীয় সচেতন ব্যক্তি ।
জিলা ঔষধ পৰিদৰ্শক অনুপ জ্যোতি শইকীয়াই ব্যৱসায়ী সকলক ক্ষতিকাৰক মাৰাত্মক ব্যাধিৰ কাৰক ড্ৰাগছৰ বিৰুদ্ধে সৰৱ হৈ থাকিবলৈ অনুৰোধ জনোৱাৰ লগতে সতৰ্কীকৰন ব্যাধি উলংঘা নকৰিবলৈও আহ্বান জনাই। লগতে ড্ৰাগছৰ ভয়াবহতা সম্পৰ্কে উপস্থিত থকা ঔষধ ব্যৱসায়িক,আশা কৰ্মী তথা সচেতন ৰাইজৰ উদ্দেশ্যি বিত‍ংকৈ ব্যাখ্যা আগবঢ়াই সভাখন সজাগ কৰি তোলা পৰিলক্ষিত হয় ।
ঔষধ ব্যৱসায়ী সকলক যধে মধে ঔষদ ,চিৰিংচ বিক্ৰী নকৰি এখন সুষ্ঠ সমাজ নিৰ্মাণৰ অংশীদাৰ হৱলৈ অনুৰোধ জনাই।লগতে পূৱ বৰক্ষেত্ৰী বহুমুখী সমবায় সমিতিৰ সচিব ফিৰোদুৰ ৰহমানেও ড্ৰাগছৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই। বৃহত্তৰ অঞ্চলটোৰ পৰা অসামাজিক কাৰ্যকলাপসমূহ বন্ধ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনক আহবান জনাই।

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!