বালিপৰা খনামুখ পাটগাঁৱত আটকধুনীয়া কৈ নিৰ্ম্মান হ’বলগীয়া অতিথি শালাৰ চাৰিসীমাৰ পকীৰ বেৰা নিৰ্ম্মানৰ আধাৰশিলা স্হাপন কৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য কাৰ্যবাহী সদস্য বিজু কুমাৰ পেগুৱে ৷ এই আটকধুনীয়া কৈ নিৰ্ম্মান হ’বলগীয়া অতিথি শালাৰ বাবে ২ বিঘা মাটি আগবঢ়ায় বিশিষ্ট সমাজকৰ্মী তথা সমাজ হিতৈষী বঁটা প্ৰাপক কমিচন মিলিয়ে । প্ৰায় ৪২ লাখ টকা ব্যয় সাপেক্ষে নিৰ্ম্মান হ’বলগীয়া পকীৰ বেৰাৰ আধাৰশিলা অনুষ্ঠানত অংশগ্ৰহণ কৰে সমাজকৰ্মী তথা সমাজ হিতৈষী বঁটা প্ৰাপক কমিচন মিলি, লক্ষীমপুৰ জিলাৰ এম এম কে উপ-সভাপতি দিব্য দলে , এম এম কেৰ কেন্দ্ৰীয় সদস্য দিলীপ পেগু আৰু পদেশ্বৰ মিলি , মিচিং জাতীয় মহা সভাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য ৰূপম নৰহ আৰু প্ৰাক্তন জিলা পৰিষদ সদস্য ববীতা পায়েঙৰ লগতে গণ্যমাণ্য ব্যক্তিসকল ৷

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!