দীৰ্ঘ বছৰে শিক্ষকতা কৰিও আজিলৈ চৰকাৰৰ পৰা স্বীকৃতি নাপালে বহু শিক্ষকে। চৰকাৰী নিয়মৰ মেৰপেচত পৰি বছৰ বছৰ ধৰি চাকৰি কৰিও চাকৰি নিযুক্তি লাভ নকৰিলে ৰাজ্যৰ বহু শিক্ষকে। চৰকাৰক বাৰম্বাৰ আহ্বান জনায়ো এতিয়া তেওঁলোক ভাগৰি পৰিছে। ইফালে চাকৰী কৰাৰ বয়স ওকলিব হৈছে। তেনে শিক্ষকসকলৰ এটা সংগঠন হৈছে সদৌ অসম বিশেষ টেট উত্তীৰ্ণ নিয়োগ বঞ্চিত শিক্ষামিত্ৰ গোট। তেওঁলোকে পুনৰ এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনাইছে যে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰা হয়। এক প্ৰেছ বিজ্ঞপ্তিত সংগঠনটোৰ সভাপতি জৰিৰ উদ্দিন, সম্পাদক মুন্তাজ আলী আকন্দ আৰু সহকাৰী সম্পাদক অখিল ডেকাই কয়- ১৯৯৮ চনৰ পৰা বিকল্প বিদ্যালয় আৰু ২০০৩/০৪ চনৰ পৰা ২০১২ চনলৈকে আমাৰ পঢ়াশালীসমূহত আমি শিক্ষামিত্র হিচাপে প্রাথমিক শিক্ষাৰ পাঠদান কার্য্য চলাই আছিলোঁ। আমাৰ পঢ়াশালীবোৰ ২০০৯-১০ বর্ষত প্রাথমিক বিদ্যালয়লৈ উন্নতিকৰণ কৰা হৈছিল। কিন্তু দুখৰ বিষয় ২০১২ চনত সাধাৰণ টেট পৰীক্ষা অনুষ্ঠিত কৰি টেট উত্তীর্ণ শিক্ষকসকলক আমাৰ উন্নতিকৰণ কৰা বিদ্যালয়সমূহত নিযুক্তি দি আমাক নিজ বিদ্যালয়ৰ পৰা বহির্ভূত কৰি দিয়ে। ২০১২ চনত এখনি বৈঠক অনুষ্ঠিত কৰি আমাৰ শিক্ষামিত্র সন্থাৰ লগত আলোচনা মর্মে এখনি চুক্তি কৰিছিল যে, ২০১২, ২০১৩ আৰু ২০১৪ চনত শিক্ষামিত্র সকলৰ বাবে বিশেষ টেট অনুষ্ঠিত কৰি নিযুক্তিৰ ব্যৱস্থা কৰা হ’ব আৰু তাত বয়সৰ কোনো ধবণৰ উচ্চসীমা নাথাকিব। সেই চুক্তি মর্মে ২০১২ চনত অনুষ্ঠিত হ’বলগীয়া টেট পৰীক্ষা ২০১৩ চনত অনুষ্ঠিত হয় আৰু উক্ত টেট পৰীক্ষাত উত্তীর্ণ হোৱা শিক্ষামিত্র সকলক নিজৰ নিজৰ বিদ্যালয়ত ০৫/১২/২০১৩ তাৰিখে শিক্ষক হিচাপে নিযুক্তি দিয়ে চুক্তিমতেই বয়সৰ কোনো উর্দ্ধসীমা ধৰা নাছিলে। আকৌ ২০১৩ চনৰ টেট পৰীক্ষা অনুষ্ঠিত কৰে ২০১৪ চনৰ ১৯ অক্টোবৰ মাহত আৰু এই টেট পৰীক্ষা শেষ আৰু অন্তিম বুলি ঘোষণা কৰে। তাতো বয়স উর্দ্ধসামা কথা উল্লেখ নাছিল। কিন্তু দুখৰ বিষয় যে, উক্ত টেট পৰীক্ষাৰ ফলাফল ঘোষণা কৰে তিনি বছৰ পলমকৈ। ২০১৭ চনৰ ৪ চেপ্টেম্বৰ মাহত। ফলাফল মতে ১৪৭২ জন শিক্ষামিত্র টেট উত্তীর্ণ হয় আৰু ১২ চেপ্টেম্বৰ, ২০১৭ তাৰিখে মাত্র ১১২৬ জন শিক্ষামিত্রকহে State Pool ত নিযুক্তি পত্র প্রদান কৰে। বাকি অৱশিষ্ট ৩৪৬ জন শিক্ষামিত্রক বয়সৰ উর্দ্ধসীমা দেখুৱাই নিযুক্তি পৰা বঞ্চিত কৰে। এতিয়া আমি চৰকাৰৰ ওচৰত আহ্বান জনাও যে আগন্তুক নিযুক্তি প্ৰক্ৰিয়াত যাতে আমাকো অন্তৰ্ভুক্ত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!