দুশ বছৰত ভৰি দিলে উত্তৰ গুৱাহাটী ন-গোঁহাই পৰিয়ালৰ দুৰ্গাপূজাখনে ।
সম্পূৰ্ণ বৈদিক নীতি নিয়মৰে ১৮২৩ চনৰ পৰা পালন কৰি আহিছে এইখন দুৰ্গাপূজা ।
মান সেনাৰ আক্ৰমণত পলাই আহি পৰিয়ালটোৱে উত্তৰ গুৱাহাটীত নিগাজীকৈ বাস কৰাৰে পৰা পালন কৰি আহিছে দুৰ্গাপূজাখন ।
উত্তৰ গুৱাহাটীৰ লগতে সমগ্ৰ উত্তৰ কামৰূপৰ ঐতিহ্য বহন কৰা এই পূজাভাগ অনুষ্ঠিত হয় সম্পূৰ্ণ বৈদিক আৰু তান্ত্ৰিক প্ৰক্ৰিয়াৰে ।
আহোম ৰাজত্ব কালত মাজুলীৰ পহুমৰাত ন-গোঁসাই আচাৰ্য ৰমানন্দ পুষ্পাচাৰ্যৰ পৰিয়ালে অনুষ্ঠিত কৰিছিল এই পূজা।
স্বৰ্গদেউ লক্ষ্মীকান্ত সিংহৰ দীক্ষাগুৰু ৰমানন্দ পুষ্পাচাৰ্যৰ সৰুজনা পুত্ৰ গঙ্গেশ্বৰৰ পৰিয়ালটো মানৰ তৃতীয় আক্ৰমণৰ বলি হৈ পৰবৰ্তী সময়ত উত্তৰ গুৱাহাটীলৈ স্থানান্তৰিত হৈ এই পূজা অনুষ্ঠিত কৰি আহিছে ।
আজিও সম্পূৰ্ণ বৈদিক আৰু তান্ত্ৰিক পদ্ধতিৰে অনুষ্ঠিত হৈ অহা এই পূজা উত্তৰ গুৱাহাটীৰ ন গোঁসাইৰ পৰিয়ালে নীৰবিছিন্ন ভাৱে অনুষ্ঠিত কৰি আহিছে ।
