নদীৰ বুকুত বিলীন হৈছে নদীপৰীয়া দৰিদ্ৰ কৃষক ৰাইজৰ কৃষিভূমিসমূহ
শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ১নং বৰদিকৰাই বালিচাপৰি অঞ্চলত বৰদিকৰাই নদীৰ গড়াখহনীয়াই সম্প্ৰতি কালৰূপ ধাৰণ কৰিছে৷ বিগত কেইবাদিনো ধৰি চলি থকা নেৰানেপেৰা বৰষুনৰ ফলত সৃষ্টি হোৱা বাঢ়নি পানীয়ে নদীপৰীয়া ৰাইজৰ কৃষি ভূমি খহাই নি নদীৰ বুকুত বিলীন কৰিছে৷ এনেদৰে গড়াখহনীয়া অব্যাহত থাকিলে অনাগত দিনত নদীখনৰ বাঢ়নী পানী গৈ গাঁওসমূহত সোমাব বুলি ভয়ত নদীপৰীয়া ৰাইজে উজাগৰি নিশা কটোৱা বুলি জনাইছে৷ বিশেষকৈ বৰদিকৰাই নদী আৰু জীয়াভৰলী নদীৰ সংগম স্থলীৰ ১ নং বৰদিকৰাই বালিচাপৰি অঞ্চলত সৃষ্টি হোৱা ব্যাপক গড়া খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ ফলত শংকিত হৈ পৰিছে নৈপৰীয়া কৃষক ৰাইজ৷একাংশ কৃষকৰ অৱশিষ্ট খেতিৰ মাটিকনো যিকোনো মূহুৰ্ততে নদীৰ গড়াখহনীয়াৰ কৱলত পৰি জাহ যাবলৈ বাকী থকা অৱস্থাত দু:চিন্তাত পৰিছে এইসকল কৃষক৷ ৰাইজে শীঘ্ৰেই গড়াখহনীয়া প্ৰতিৰোধৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ লগতে জলসম্পদ বিভাগক দাবী জনাইছে৷ উল্লেখযোগ্য যে বৰদিকৰাই আৰু জীয়াভৰলী নদীৰ গড়াখহনীয়াৰ কৱলত পৰি ইতিমধ্যেই অঞ্চলটোৰ কৃষক ৰাইজৰ শ শ হেক্টৰ কৃষিভূমি নদীৰ বুকুত বিলীন হৈছে৷