বিদেশী খেলুৱৈ দু ভৰিৰ যাদু চাবলৈ হাজাৰ হাজাৰ দৰ্শকৰ ভিৰ।
জামুগুৰিহাটৰ টুপিয়া মিনি ষ্টেডিয়ামত চলি থকা চিদানন্দ বৰা আৰু অৱনীপ্ৰসাদ বৰা সোঁৱৰণি নৈশ ফুটৱল খেল প্ৰতিযোগিতাৰ তৃতীয়খন কোৱাৰটাৰ ফাইনেল খেলত নগাঁৱৰ অম্লানজ্যোতি ফুটৱল দলে ৰঙাপৰাৰ কলচী ফুটৱল দলক ৫-১ গ’লৰ ব্যৱধানত পৰাজিত কৰে৷ টুপিয়া পাঁচগাঁও ক্ৰীড়া সংস্হা ৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে নিশাৰ ভাগত আয়োজিত ৰাজ্যিক প্ৰৰ্য্যায়ৰ প্ৰাইজমাণী ফুটৱল খেল প্ৰতিযোগিতাৰ তৃতীয়খন আকৰ্ষণীয় তথা তীব্ৰ উত্তেজনাপূৰ্ণ কোৱাৰটাৰ ফাইনেল খেলত অম্লানজ্যোতি ফুটৱল দলৰ বিদেশী খেলুৱৈ সকলে প্ৰদৰ্শন কৰা দুই ভৰিৰ যাদুৱে হেজাৰ হেজাৰ ফুটৱল প্ৰেমী দৰ্শক ৰাইজৰ মাজত চমক সৃষ্টি কৰে৷ ২১ অক্তোৱৰৰ পৰা ধাৰবাহিক ভাবে অনুষ্ঠিত হৈ অহা কোৱাৰটাৰ ফাইনেল খেলসমূহৰ আজি নিশাৰ চতুৰ্থ তথা অন্তিমখন কোৱাৰটাৰ ফাইনেল খেলত প্ৰতিদণ্ডিতা কৰিব বৰহমপুৰৰ নৱম অসম পুলিচ ফুটৱল দল বনাম বেদেতি চাহবাগিছা ফুটৱল দলে ৷ তীব্ৰ প্ৰতিদণ্ডিতা মূলক আৰু আকৰ্ষণীয় খেলখন উপভোগ কৰিবলৈ ফুটৱল প্ৰেমী ৰাইজৰ প্ৰতি আহৱান জনাইছে টুপিয়া পাঁচ গাঁও ক্ৰীড়া সন্থাৰ বিষয়ববিয়া সদস্য সকলে৷৷