জামুগুৰিহাটৰ ৰঙাচকুৱাত অসমী মহিলা মঞ্চৰ উদ্যোগত ৰঙাচকুৱা আঞ্চলিক সমিতিৰ সহযোগত দ্বিত্বীয় বাৰ্ষিক দেউচি ভইলী আৰু সংগিনী নৃত্যৰ প্ৰতিযোগিতা আয়োজন কৰা হয়। এই উপলক্ষে ৰঙাচকুৱা আঞ্চলিক সমিতিৰ সভানেত্ৰী দীপালী প্ৰধানৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানৰ আঁত ধৰে সবিতা গৌতমে । উত্তৰ মুঢ়াদলৰ প্ৰাক্তন পঞ্চায়তৰ সভানেত্ৰী হিমাদ্ৰী দেবীয়ে বন্তি প্ৰজ্বলন কৰাৰ লগতে নৃত্য প্ৰতিযোগিতাৰ মঞ্চ মুকলি কৰে অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক মতি কুমাৰ নেৱাৰে । গোৰ্খাসকলৰ দেউচি ভইলী সংগিনী নৃত্য প্ৰতিযোগিতাত অঞ্চলটোৰ অৰ্দ্ধ শতাধিক যুৱতি মহিলাই অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাত বিচাৰক হিচাপে অংশগ্ৰহণ কৰে টিকাৰাম নেৱাৰ আৰু লক্ষ্মী পোখড়েলে । অসমী মহিলা মঞ্চৰ নদুৱাৰ কেন্দ্ৰীয় সম্পাদিকা টিংকু দেবী , কেন্দ্ৰীয় কোষাধক্ষ্য চানু নেৱাৰ , প্ৰচাৰ সম্পাদীকা ৰীনা নেৱাৰ, সহকাৰী সম্পাদিকা ধন কুমাৰী নেৱাৰ , গাঁওপঞ্চায়তৰ প্ৰাক্তন সভাপতি দীপক নেৱাৰ আৰু শিক্ষক নিলকমল নেৱাৰে বিশিষ্ট অতিথি হিচাবে উপস্থিত থকা অনুষ্ঠানটিত অঞ্চলটোৰ বহুকেইগৰাকী গণ্য মাণ্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ৰঙাচকুৱা আঞ্চলিক মহিলা মঞ্চৰ‌ সম্পাদিকা সুজাতা মৈয়দালি আৰু উপ সভানেত্ৰী বীনা উপ্ৰেতিয়ে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলা সকলো ৰাইজক ধন্যবাদ-কৃতজ্ঞতা জ্ঞাপন কৰে।

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!