ইজৰাইলে ইৰাণক আক্ৰমণ কৰে। ইজৰাইলে শনিবাৰে পুৱাৰে পৰা ৰাজধানী তেহৰাণত ইটোৰ পিছত সিটোকৈ বোমা নিক্ষেপ কৰি আহিছে। ইজৰাইলে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি এক বিবৃতি প্ৰকাশ কৰি কয় যে বিগত কেইমাহমানৰ পৰা ইৰাণৰ অবিৰত আক্ৰমণৰ প্ৰতি সঁহাৰি দিবলৈ আৰম্ভ কৰিছে। তেওঁলোকৰ প্ৰধান লক্ষ্য হৈছে ইৰাণৰ সামৰিক ঘাটি। আনকি ইৰাক আৰু ছিৰিয়াতো ইজৰাইলে একাধিক বিস্ফোৰণ সংঘটিত কৰিছে।
ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে ইৰাণৰ সামৰিক ঘাটিক লক্ষ্য কৰি আক্ৰমণ কৰা বুলি জানিবলৈ দিয়ে। শনিবাৰে পুৱাৰ পৰা তেহৰাণ আৰু কাষৰীয়া অঞ্চলত কমেও দুটাকৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে। ইজৰাইল সেনাই এক বিবৃতিত কয় যে ইৰাণৰ পৰা ইজৰাইলৰ বিৰুদ্ধে কেইবামাহো ধৰি অবিৰত আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইল সেনাই ইৰাণৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি লৈছে।