উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰি কীৰ্ত্তন সমিতিৰ উদ্যোগত আজিৰ পৰা তিনি দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৬৬তম বাৰ্ষিক অহোৰাত্ৰ অখণ্ড হৰিকীৰ্ত্তন সমাৰোহ ৷ শোণিতপুৰ জিলাৰ সৈনিক পুৰৰ (মিলিটাৰী ব্লক স্থিত) গৌৰি শংকৰ কীৰ্ত্তন সংঘ নামঘৰ প্ৰাংগনত আয়োজন কৰা হৈছে এই ৬৬ তম আহোৰাত্ৰ অখণ্ড হৰি কীৰ্ত্তন সমাৰোহ ৷ গৌৰি শংকৰ কীৰ্ত্তন সংঘ, গায়ত্ৰী কীৰ্ত্তন সংঘ, ৰাধা একাদশী কীৰ্ত্তন সংঘ ৰ আতিথ্যত ইতিমধ্যে অখণ্ড হৰি কীৰ্ত্তনৰ কাম প্ৰায় সম্পূৰ্ণ কৰি তুলিছে আয়োজকসকলে । সকলো শ্ৰেনীৰ ভক্তপ্ৰাণ ৰাইজৰ আকৰ্ষণ বাবে ৰাম মন্দিৰৰ আৰ্হিও নিৰ্মাণ কৰি উলিওৱা হৈছে ৷ উদ্যোক্তা সকলে অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সকলোশ্ৰেণীৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি ও সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ।
জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট