🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
৩ আঘোন, মঙ্গলবাৰ, ইং ১৯ নৱেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/৪৮/৪৯
সূৰ্য্যাস্ত ঘ :- ৪/৩০/৬
ৰাশি : – মিথুন ৰাশি।
তিথি :- কৃষ্ণা চতুৰ্থী। ৰা:ঘ:- ৯/৮/১০ যোৱাত কৃষ্ণা পঞ্চমী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- আৰ্দ্ৰা । ৰা:ঘ:- ৭/১/৪৩ লৈ।
শুভ সংখ্যা :- ২/৯
শুভ ৰং :- ৰঙা / সোনালী ।
আদ্যঋতু :- কান্তা যোগ ।
মৰণৰ দোষ :- এপদ, ৰা:ঘ:- ৭/২/৪৩ যোৱাত ত্ৰিপদ।
যাত্ৰা :- নৈঋত কোনত নাই। ৰা:ঘ:- ৯/৮/১০ যোৱাত দক্ষিণ দিশত নাই।
যোগিনী :- নৈঋত কোনত। ৰা:ঘ:- ৯/৮/১০ যোৱাত দক্ষিণ দিশত।
ভক্ষাভক্ষ্য :- মূলা খোৱা নিষেধ। ৰা:ঘ:- ৯/৮/১০ যোৱাত বেল খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ’ব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত নতুনকৈ যোগাযোগ কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত শত্ৰু নাশ হব, ছাত্ৰ ছাত্ৰী সকলৰ শুভ হ’ব, যদিও আজি আপোনাৰ মনটো অশান্তিৰ সৃষ্টি হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ সিদ্ধান্ত বোৰ সৱল হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা উন্নয়নমূলক কৰ্মত ব্যস্ততা বাঢ়িব, লগতে আজি আপোনাৰ ব্যৱসায়িক ভাৱে লাভাৱান্বিত হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, উত্তম ভোজন লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সৰু- সুৰা কথাতে আপোনাৰ মনত অশান্তিৰ হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভাল খৱৰ লাভ কৰিব, হাহি ধেমালিৰ মাজেৰে দিনটো পাৰ হ’ব, লগতে আজি আপোনাৰ সামাজিক সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, লগতে আজি আপোনাৰ কৰ্মত নতুন প্ৰেৰণা লাভ হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মস্থান সামান্য পৰিবৰ্তন আহিব পাৰে লগতে আজি আপুনি সজাগ নহ’লে আনৰ দ্বাৰা আপোনাৰ ক্ষতি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য পৰিবৰ্তন আহিব পাৰে, ৰাজনৈতিক সা-সুবিধা লাভ কৰিব, লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব,মনৰ আশা পূৰণ হ’ব যদিও আজি আপুনি সজাগ নহ’লে সামান্য মিচা অপৱাদ পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত কৰ্মত সন্মান বাঢ়িব, বিবাহ প্ৰাৰ্থী সকলৰ ঘৰত বিবাহৰ আলোচনা হ’ব পাৰে যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পিতৃ মাতৃৰ পৰা মৰম- চেনেহ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য বিৰোধিতাৰ সন্মুখীন হ’ব পাৰে লগতে আজি আপুনি হীনমান্যতা ভুগিব লগা হোৱা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!