জামুগুৰিহাটৰ তৌভঙা ব্যৱসায় কেন্দ্ৰত আজি অসম গ্ৰামীণ বিকাশ বেংকৰ এটি গ্ৰাহক সেৱা কেন্দ্ৰ মুকলি কৰা হয়। এই গ্ৰাহক সেৱা কেন্দ্ৰটি মুকলি কৰে অসম গ্ৰামীণ বিকাশ বেংক ধলাইবিল শাখাৰ প্ৰবন্ধিকা শ্ৰুতিৰেখা বৰাই । গ্ৰাহক সেৱা কেন্দ্ৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে বেংকটোৰ খণ্ড প্ৰকল্প প্ৰবন্ধক জ্যোতিস্ময় বৰুৱা , খণ্ড সমন্বয়ক পল্লব মহন্ত আৰু বেংক সখি মাখন ভুমিজ ৰ লগতে অঞ্চলটোৰ গণ্য মাণ্য ব্যক্তি সকল । বিশিষ্ট সমাজসেৱী যুৱতী অজামনি বৰুৱাৰ দ্বাৰা স্থাপিত গ্ৰামীন বিকাশ বেংকৰ এই গ্ৰাহক সেৱা কেন্দ্ৰটিৰ জৰিয়তে অঞ্চলটোৰ ৰাইজ উপকৃত হ’ব বুলি জানিবলৈ দি উদ্যোক্তা গৰাকীয়ে কয় যে, গ্ৰাহক ৰাইজৰ সুবিধাৰ্থে গ্ৰামীণ বিকাশ বেংকৰ সকলো কাম কাজ ইয়াতেই উপলব্ধ হব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!