প্ৰতিষ্ঠা দিৱস উপলক্ষে ভাওনাৰ আখৰাত ব্যস্ত ভাৱৰীয়াসকল৷

জামুগুৰিহাটৰ ধলাইবিল কেন্দ্ৰত সাত দশকৰ পূৰ্ব্বেই বৃহত্তৰ অঞ্চলটোৰ বহুকেইগৰাকী স্বপ্নদ্ৰষ্টা আৰু দুৰদৰ্শী মহান ব্যক্তিয়ে প্ৰতিষ্ঠা কৰা “শ্ৰীমন্তশঙ্কৰদেৱ সেৱাশ্ৰম” নামৰ ধৰ্ম্মীয় অনুষ্ঠানটিৰ এইবাৰ চাৰি দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হৈছে৷এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শ্ৰীমন্তশঙ্কৰদেৱ সেৱাশ্ৰমৰ বৰ নামঘৰত ২৩ আৰু ২৪ নবেম্বৰ দুই নিশা অনুষ্ঠিত হ’ব “সীতা হৰণ বালি বধ” নাট ভাওনা আৰু “কৰ্ণপৰ্ব ” নাট ভাওনা৷ বিগত এক মাহ ধৰি অঞ্চলটোৰ সুনিপুৰ্ণ ভাৱৰীয়াসকলে চলাই আছে এই ভাওনাৰ আখৰা৷ সমূহ কাৰ্য্যসূচীত জাতি ধৰ্ম্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো শ্ৰেনীৰ ধৰ্ম্মপ্ৰাণ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে শ্ৰীমন্তশঙ্কৰদেৱ সেৱাশ্ৰমৰ প্ৰতিষ্ঠা দিৱস উদযাপন সমিতিৰ সভাপতি বুবুল বৰা আৰু সম্পাদক প্ৰাঞ্জল কলিতাৰ লগতে বিষয়ববীয়া সদস্যসকলে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!