কামৰূপ জিলাৰ জিলা পথ সুৰক্ষা সমিতিৰ সভাখন আজি আমিনগাঁৱস্থিত সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কামৰূপ জিলাৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাত কামৰূপ জিলাত পথ দুৰ্ঘটনা ৰোধ কৰা আৰু পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা যথাসম্ভৱ হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত আৰক্ষী, পৰিবহণ, এপিডিচিএল, পথ নিৰ্মাণকাৰী সংস্থাসমূহ যেনে, লোক নিৰ্মাণ বিভাগ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, এন এইচ আই ডি চি এলৰ বিষয়ববীয়াৰ উপস্থিতিত বিস্তৃত আলোচনা কৰা হয়। আজিৰ সভাত জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই জিলাখনত পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰাৰ বাবে পথ সুৰক্ষাৰ নিয়মাৱলী সন্দৰ্ভত সজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
সভাত জিলাখনত যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে আৰক্ষী আৰু পৰিবহণ বিভাগৰ তৰফৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও বিভাগকেইটাই উল্লেখ কৰে। উল্লেখ্য যে কামৰূপ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত প্ৰণৱ দত্ত গোস্বামীয়ে পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ বা মূলপথৰ কাষত থকা ধাবাসমূহত অবৈধভাৱে সুৰাৰ বিক্ৰী বন্ধ কৰাৰ প্ৰয়োজনীতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এনে ধাবাসমূহৰ ওপৰত চোকা নজৰ ৰাখিবলৈ আবকাৰী বিভাগৰ বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে।
অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকো উপস্থিত থকা সভাত জিলা পৰিবহণ বিষয়া মনোজ কুমাৰ চৌধুৰীয়ে জিলাখনত যান-বাহন আইন উলংঘা কৰাৰ বাবে যোৱা অক্টোবৰ মাহত ১১খন আৰু নৱেম্বৰ মাহত ৪৭ খন চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে বুলি উল্লেখ কৰে । আজিৰ সভাত জিলা পথ সুৰক্ষা সমিতিৰ তৰফৰ পৰা আৰক্ষী আৰু পৰিবহণ বিভাগে মদ্যপান কৰি গাড়ী চলোৱা চালকসকলৰ বিৰুদ্ধে অভিযান চলোৱাত সহায়ক হোৱাকৈ ব্ৰেথ এনালাইজাৰ ক্ৰয়ৰ দিশটোও আলোচনা কৰা হয়। সভাত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!