লেখক অতুল চন্দ্ৰ বৈশ্যৰ গ্ৰন্থ ” হাজো দৰ্শন” আজি দিছপুৰ প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে উন্মোচন হয়। এই গ্ৰন্থখন উন্মোচন কৰে গোপাল বড়ো হাইস্কুলৰ অধ্যক্ষা ইন্দ্ৰানী তালুকদাৰ আৰু ৰাজধানী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক কৰুনা ময় গোস্বামীয়ে। গ্ৰন্থখন উন্মোচন কৰি ইন্দ্ৰানী তালুকদাৰে ভাষণ প্ৰসংগত কয় – গ্ৰন্থ পঢ়াৰ আগ্ৰহ আমাৰ যুৱ প্ৰজন্মৰ মাজত প্ৰায় হেৰাই হৈছে। ছ’চিয়েল মিডিয়াৰ প্ৰতি আজিৰ যুৱ প্ৰজন্মৰ অধিক আগ্ৰহিত হৈছে। এতিয়া ই- কিতাপ পঢ়াৰ সুবিধা আহি পৰিছে যদিও হাতত এখন গ্ৰন্থ হাতত লৈ পঢ়াৰ মাদকতাই বেলেগ। গ্ৰন্থতলৈ ভাল বন্ধু কোনো হ’ব নোৱাৰে। গ্ৰন্থ পঢ়াৰ অভ্যাস সকলোৱে গঢ়ি তুলিব লাগে। আন এজন উন্মোচক কৰুনা ময় গোস্বামীয়ে ভাষণ প্ৰসংগত কয় যে গ্ৰন্থখন পঢ়ি পাঠক সমাজে ভাল পাব। সকলোৱে আদৰি ল’ব বুলি আশাবাদী। গ্ৰন্থখনৰ লেখক অতুল চন্দ্ৰ বৈশ্যই কয় যে মই কোনো লেখক, কবি, সাহিত্যিক নহয়। তথাপিও মোৰ মনে সদায় মাতৃ ভূমি হাজোৰ বিষয়ে লিখাৰ এক হাবিয়াস আছিল। সেই হাবিয়াস মনত লৈ হাজো দৰ্শন লিখি উলিওৱা হৈছে। হাজোৰ দৰে সকলো লোকৰ মিলনস্থল অসমৰ আন প্ৰান্তত পোৱা নাযায়। হাজোক লৈ থকা মোৰ আবেগ গ্ৰন্থখনত লিখা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!