দেওবাৰে বিয়লি হোজাই জিলাৰ নখুটীৰ পশু চিকিৎসালয়ৰ সন্মুখত নখুটীৰ সচেতন ৰাইজৰ উদ্যোগত অনুষ্ঠিত হয় এক সজাগতা সভা।বৰ্তমান সমাজত এক ব্যাধি হিচাপে পৰিগণিত হোৱা ড্ৰাগছ,মদ, ভাং, গাঞ্জা, চুৰি, ডকাইট, ধৰ্ষণ , ঠগ, প্ৰৱঞ্চনা, দূৰ্নীতি, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে অনুষ্ঠিত হয় উক্ত সজাগতা সভা।। উক্ত সজাগতা সভাত উপস্থিত থাকে হোজাই জিলা অপৰাধ নিয়ন্ত্রণ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলী সহ জিলাখনৰ কেইবাজনো গন্যমান্য ব্যক্তি আৰু স্থানীয় ৰাইজ।উক্ত অনুষ্ঠানত বিশিষ্ট ব্যক্তি সকলে সমাজৰ পৰা এনে ব্যাধি কেনেদৰে আঁতৰ কৰিব পাৰি তাৰ ওপৰত বহুমুলীয়া ভাষণ প্ৰদান কৰে।লগতে দুদিনমান পূৰ্বে নখুটি অঞ্চলতেই হোজাই আৰক্ষীয়ে অভিযান চলাই বন্ধুক সহ দুজনক আটক কৰিছিল।পিছত তেওঁলোকক এৰি দিয়া হ’ল।ল’ৰা দুজনক আনে ফচাব বিচাৰিছিল কিন্তু এনে অপৰাধ জনীত কামৰ ক্ষেত্ৰত কোন দুষ্কৃতিকাৰী জড়িত আছিল, সেইবোৰো কেনেদৰে নিকা কৰি ৰাইজৰ মাজত ব্যাধি সমূহৰ বিৰুদ্ধে সজাগতা আনি সোণৰ নখুটিলৈ গঢ়ি তুলিব পাৰি তাৰ বাবে আজি এনেদৰে সজাগতা সভা অনুষ্ঠিত কৰা হৈছে বুলি উদ্যোগতাই জানিবলৈ দিয়ে।
আনহাতে,দুদিন পূৰ্বে নখুটী অঞ্চলৰ পৰা বন্দুক সহ দুজনক আটক কৰা সন্দৰ্ভত প্ৰাৰম্ভিক তদন্তত: একো নোপোৱাত এৰি দিয়া হৈছিল বুলি জানিব দিয়ে জিলা অপৰাধ নিয়ন্ত্রণ শাখাৰ অতিৰিক্ত আৰক্ষী গৰাকীয়ে। তেও লগতে কয় যে যিহেতু অবৈধ অস্ত্র আছে,কামটো কোনে কৰিছিল তাৰ অনুসন্ধান চলাই থকা হৈছে । আৰু জানুৱাৰী মাহৰ ভিতৰত নখুটী অঞ্চলটো অপৰাধ মুক্ত অঞ্চল হিচাপে ঘোষণা কৰিব পৰাকৈ ৰাইজৰ সহযোগিতা কামণা কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে।
লংকাৰ পৰা অলি উৰ ৰহমান লস্কৰৰ ৰিপৰ্ট
